আন্তঃৰাষ্ট্ৰীয়

আপুনি জীমলৈ যায় নেকি? পাৰিবনে ফেৰ মাৰিব এইগৰাকী আইতাক? চাওঁঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্তমান ছ'চিয়েল মিডিয়াত ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ৰ লগতে ভাইৰেল হৈছে এগৰাকী আইতাৰ ভিডিঅ'। সকলোৱে ভিডিঅ'টি বহু পছন্দ কৰাৰ লগতে প্ৰেৰণাও পাইছে বহু জনে। ভাইৰেল হৈ পৰা এই ভিডিঅ'টি চাই আচৰিত হৈছে সকলো। ল'ৰেন নামৰ এগৰাকী ৭২ বছৰীয়া বৃদ্ধাই জীমত শৰীৰচৰ্চাত ব্যস্ত থকা পৰিলক্ষিত হৈছে ভিডিঅ'টিত।

ফেচবুকত ৯০১ ফিজিকেল থেৰাপী '901 Physical Therapy' নামৰ একাউণ্টটোত পোষ্ট কৰা হৈছে ভিডিঅ'টি। পোষ্ট কৰাৰ লগতে ফেচবুকত লিখা আছে- 'মই ল'ৰেনক জীমত শৰীৰচৰ্চা কৰা দেখিছো। কিন্তু যেতিয়া তেওঁৰ জন্মৰ প্ৰমাণপত্ৰ চালো তেতিয়া আচৰিত হ'লো। কাৰণ তেওঁৰ বয়স ৭২ বছৰ।'

ফেচবুকত বৰ্তমান এই ভিডিঅ'টো বহুজনে শ্বেয়াৰ কৰিছে। বৰ্তমানলৈ ৯০হাজাৰ বাৰ শ্বেয়াৰ কৰা হৈছে এই ভিডিঅ'টো। ভিডিঅ'টোত এজনে কমেন্ট কৰিছে- বৃদ্ধাগৰাকীৰ দৈহিক শক্তি মোতকৈও বেছি।'

উল্লেখ্য যে, ল'ৰেনে যি ধৰণে শৰীৰচৰ্চা কৰে সেয়া প্ৰফেশ্যনেল ব'ক্সাৰ ফ্লাইট মেবেদৰে কৰে অৰ্থাৎ বহু জটিল হয় এই ধৰণৰ শৰীৰচৰ্চাৰ শৈলী। আনহাতে, মাত্ৰ ১ মিনিটৰ ভিডিঅ'টি বৰ্তমানলৈকে ৭০ লাখতকৈও অধিক লোকে চোৱাৰ লগতে ২৭হাজাৰ জনে লাইক আৰু ১৩হাজাৰ জনে কমেন্ট কৰিছে।

চাওঁক সেই ভিডিঅ'টি-

https://www.facebook.com/901physicaltherapy/videos/1833302413445361/?t=0