আন্তঃৰাষ্ট্ৰীয়

কোভিড-১৯ঃ আমেৰিকাত যোৱা ২৪ ঘন্টাত ৫৩ হাজাৰ জন লোক আক্ৰান্ত কোৰোনাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। ১ কোটিৰো অধিক লোক ইতিমধ্যে আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, কোভিড-১৯ত সৰ্বাধিক লোক আক্ৰান্ত হৈছে আমেৰিকাত। আমেৰিকাত কোৰোনা ভাইৰাছৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হোৱাৰ দিশে।

দেশখনত ২৮ লক্ষাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। জ'নছ হৰ্পিকিন্স বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা গণনা অনুসৰি যোৱা ২৪ ঘন্টাত আমেৰিকাত নতুনকৈ ৫৩,০৬৯জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। আৰু এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ আমেৰিকাত ৬৪৯জনে হেৰুৱাই প্ৰাণ।