আন্তঃৰাষ্ট্ৰীয়

শ্ৰী লংকাত ভয়ংকৰ বিস্ফোৰণ, নিহত ৪৯, আহত ৩০০ৰো অধিক

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্ৰী লংকাৰ কলম্বোত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। দেশ খনৰ দুটাকৈ গীৰ্জাৰ লগতে আন কেইবাঠাইতো হোৱা বিস্ফোৰণত প্ৰায় ৪৯ জন লোক নিহত আৰু ৩০০জন আহত হৈছে বুলি জানিব পৰা গৈছে। ইষ্টাৰ চলি থকাৰ মাজতে সংঘটিত হৈছে এই বিস্ফোৰণ।

আৰক্ষী বিষয়া ৰুৱান গোনাছেকেৰাই সংবাদমাধ্যক জানিবলৈ দিয়া অনুসৰি, দেওবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত প্ৰথমে কলম্বোৰ কচ্চিকাদেৰ চেণ্ট এণ্ঠনী গীৰ্জাত আৰু তাৰ পিছত নিগম্বোৰ চেণ্ট চেবাছটিয়ানৰ গীৰ্জাত সংঘটিত হৈছে বিস্ফোৰণ। জানিব পৰা মতে ইষ্টাৰ উপলক্ষে জনসাধাৰণৰ সমাগম হৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৩খন হোটেলো।