আন্তঃৰাষ্ট্ৰীয়

২৬/১১ ঘটনাৰ মাষ্টাৰ মাইণ্ড জাকিউৰ ৰহমান লাখবীক পাকিস্তানত গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এসময়ত মুম্বাই ৰক্তাক্ত কৰা কুখ্যাত জাৰিউৰ ৰহমান লাখবীৰ পাকিস্তান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চৈয়দ ই তৈৱাৰৰ মুৰব্বী আছিল লাখবী।মুম্বাইৰ ২৬/১১ ঘটনাৰ জৰিয়তে পোহৰলৈ আহিছিল লাখবীৰ নাম। লাখবী আছিল এই ঘটনাৰ মাষ্টাৰ মাইণ্ড।

উল্লেখ্য যে, শনিবাৰে পাকিস্তানত গ্ৰেপ্তাৰ হৈছে এই কুখ্যাত সন্ত্ৰাসবাদীজন। অৱশ্যে পাকিস্তান প্ৰশাসনে কোন ঠাইৰ পৰা গ্ৰেপ্তাৰ হৈছে বৰ্তমানলৈকে তাৰ একো সম্ভেদ দিয়া নাই।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক খবৰ অনুসৰি, পাকিস্তানৰ প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ অভিযানৰ পিছত আতংকবাদী কাৰ্যকলাপৰ লগতে ধন দাবী কৰা গোচৰৰ লগত জড়িত থকাৰ সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।