আন্তঃৰাষ্ট্ৰীয়

দক্ষিণ ছুদানত বিমান দুৰ্ঘটনা, ২১জন নিহত

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ ছুদানত দেওবাৰে সংঘটিত এক ভয়াৱহ বিমান দুৰ্ঘটনাত অতি কমেও ২১ জনকৈ লোক নিহত হয়। ১৯ জন যাত্ৰী আৰু ২গৰাকী পাইলটসহ ক্ষুদ্ৰ বাণিজ্যিক বিমানখন ৰাজধানী জুবাৰ পৰা গৈ থকা অৱস্থাত এটা হ্ৰদত পতিত হয়।

যান্ত্ৰিক বিজুতিৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সদৰী কৰিছে দেশখনৰ বিমান পৰিবহণ মন্ত্ৰণালয়ে। ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।