আন্তঃৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ গুলীবৰ্ষণ, শ্বহীদ ২ ভাৰতীয় সেনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানী সেনাই পুনৰ যুদ্ধ বিৰতি উলংঘন কৰি জম্মু কাশ্মীৰৰ ৰজৌৰী জিলাৰ এলঅ'চিৰ কাষত গুলীবৰ্ষণ কৰে। ভাৰতীয় সেনাই পাকিস্তানৰ ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পাকিস্তানৰ সেনাৰ আক্ৰমণত দুজন সেনা জোৱান শ্বহীদ হয়।

উল্লেখ্য যে সেনা দুজন ক্ৰমে নায়ক প্ৰেম বাহাদুৰ খত্ৰী আৰু  সুখবীৰ সিংহ। সেনাই মতে এই দুয়োজন জোৱান ৰাজৌৰী জিলা সুন্দৰবনী অঞ্চলত এলঅ'চিত ডিউটি কৰি আছিল। তেতিয়াই হঠাতে সীমাত তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰে। প্ৰথমে দুয়োজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় আৰু পৰৱৰ্তী সময়ত দুয়ো শ্বহীদ হয়।