আন্তঃৰাষ্ট্ৰীয়

২ ভাৰতীয়ৰ দেহত কোৰোনা ভাইৰাছ, চৰকাৰলৈ আহ্বান জনাই ক’লে, ‘আমি ঘৰলৈ উভতি যাব বিচাৰো…’

asomiyapratidin

ডিজিটেল ডেস্কঃ দুগৰাকী ভাৰতীয় নাগৰিকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। জাপানৰ উপকুলৰ এখন ক্ৰুজ জাহাজৰ দুগৰাকী ভাৰতীয় চালকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা প্ৰকাশ কৰিছে জাপানস্থিত ভাৰতীয় দূতাবাসে। ফেব্ৰুৱাৰী ৩ তাৰিখে যাত্ৰা আৰম্ভ কৰা জাহাজখনত আছে মুঠ ৩,৭০০ গৰাকী যাত্ৰী। হংকঙত জানুৱাৰী মাহত জাহাজখনৰ পৰা নমা এগৰাকী যাত্ৰীৰ দেহৰ পৰা এই কোৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি সন্দেেহ কৰা হৈছে।

১৩৮ গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা জাহাজখন যোৱা সপ্তাহত জাপানৰ উপকুলত উপস্থিত হৈছিল আৰু জাহাজখনৰ মুঠ যাত্ৰীৰ ১৭৪ গৰাকীৰে দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা ধৰা পৰিছে। ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত জাহাজখনৰ যাত্ৰীসকলক পৃথককৈ ৰখা হ'ব।

কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা ভাৰতীয় নাৱিককেইগৰাকীয়ে বৰ্তমান সময়ত ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছে। জাহাজখনত থকা আন ভাৰতীয় লোকসকলেও সহায় বিচাৰিছে ভাৰত চৰকাৰৰ পৰা। জাহাজখনত থকা সোণালী থাকুৰ নামৰ এগৰাকী ভাৰতীয় বিষয়াই সহায় বিচাৰি 'আমি ঘৰলৈ উভতি যাব বিচাৰো' বুলি চৰকাৰক আহ্বান জনাইছে।

বৰ্তমান সময়ত যিসকল লোক জাহাজখনত আছে তেওঁলোকক মাস্ক পিন্ধি থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে তেওঁলোকৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰাৰ বাবে থাৰ্মমিটাৰো প্ৰদান কৰা হৈছে। ২০১৯ বৰ্ষৰ ডিচেম্বৰত চীনৰ হুৱেইত প্ৰথম আৰম্ভ হৈছিল কোৰোনা ভাইৰাছৰ আতংক। বৰ্তমান লৈকে হুৱেইত ৪৪,৬৫৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে মৃত্যু মুখত পৰিছে ১,১১৩ গৰাকী লোক।