আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়াত হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত, নিহত ১৮ যাত্ৰী

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে ৰাছিয়াত সংঘটিত এক হেলিকপ্তাৰ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হয়। ৰাছিয়াৰ সময়মতে পুৱা ১০.৩০ মিনিটত এম আই-৮ শ্ৰেণীৰ হেলিকপ্তাৰখনে যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণৰ চেষ্টা চলাইছিল।

তুৰখানস্কৰ পৰা ২ কিলোমিটাৰ নিলগৰ ইগাৰ্কা নামৰ গাঁও এখনত হেলিকপ্তাৰখনে অৱতৰণ কৰিবলৈ লওতেই জুইয়ে আৱৰি ধৰে। ইয়াৰ ফলত হেলিকপ্টাৰখনত থকা ১৫ গৰাকী যাত্ৰীসহ ৩ গৰাকী ক্ৰিউ মেম্বাৰে কৰুণভাৱে মৃত্যুক সাৱটি লয়।