আন্তঃৰাষ্ট্ৰীয়

সুখবৰঃ ১২ বছৰীয়া ভাৰতীয় কিশোৰৰ নাম অন্তৰ্ভূক্ত হৈছে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত…

asomiyapratidin

ডিজিটেল ডেস্কঃ এক মিনিটৰ ভিতৰত ইউএইত সৰ্বাধিক সংখ্যক বিমানৰ অন্তিম অংশ চিনাক্ত কৰা ১২ বছৰীয়া এজন ভাৰতীয় কিশোৰক গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পাইছে।কিশোৰ জনৰ নাম গুংবুৰ আৰু তেওঁ হাৰিয়ানাৰ বাসিন্দা।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি কিশোৰজনে ৬০ ছেকেণ্ডত ৩৯ খন বিমানৰ পিছত অংশ চিনাক্ত কৰিছিল। ইয়াৰ লগতে কিশোৰটো হৈছে ১০০ টা ওখ ভৱন চিনাক্ত কৰা কনিষ্ঠতম ভাৰতীয়।