আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণঃ ১২জন নিহত, আহত শতাধিক…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে আফগানিস্তানত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা। আৰক্ষীয়ে সদৰী কৰা অনুসৰি এখন বাহনত এই বোমাটো ৰখা হৈছিল আৰু এই ঘটনা সংঘটিত কৰা সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল আফগান আৰক্ষী মুখ্য কাৰ্যালয়। জানিব পৰা মতে, এই বিস্ফোৰণত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু আহত হৈছে শতাধিক লোক।

আফগানিস্তানৰ ঘোৰৰ ফেৰোজ কোহত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই বিস্ফোৰণ। আৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি, এই বিস্ফোৰণ বহু শক্তিশালী আছিল। যাৰ ফলত ১২জনকৈ লোকৰ মৃত্যু হৈছে। ইফালে, আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হৈছে হাস্পতালত।