আন্তঃৰাষ্ট্ৰীয়

ৰাজপথত ১১৩ কোটি টকা, লাগিল হেতা-ওপৰা

asomiyapratidin

ডিজিটেল ডেস্কঃ টকাৰ প্ৰয়োজন কাৰ নো নহয়। বৰ্তমান সময়ত প্ৰতিতো খোজতে প্ৰয়োজন হয় টকাৰ। এনে সময়তে যদি ৰাজপথত কোটি কোটি টকা পৰি থাকে হেতা-ওপৰা নালাগিবনো কিয়?

শেহতীয়াকৈ ৰুছিয়াৰ পিৰ্টাছবাৰ্গত সংঘটিত হ'ল এক ঘটনা। এখন অৰণ্যৰ কাষৰ ৰাজপথত পৰি আছিল প্ৰায় ১১৩ কোটি টকাৰ নোট। বৃহৎ পৰিমাণৰ এই নোটখিনি দেখি লাগিল হেতা-ওপৰা। কিন্তু আচল কথাটো পোহৰলৈ অহাত সকলোৰে আশাত চেঁচা পানী পৰিল।

যি স্থানত এই টকাখিনি পোৱা গৈছিল সেই স্থান মস্কোৰ পৰা প্ৰায় ১৬০ কি:মি: নিলগত অৱস্থিত। এই টকাখিনি যেতিয়া পৰীক্ষা কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে এই টকাখিনি এতিয়া অচল নোট। ১৯৬১ৰ পৰা ১৯৯১ চনৰ লৈকেহে এই নোট প্ৰচলন আছিল ।বৰ্তমান সময়ত এই টকাৰ কোনো বজাৰ মূল্য নাই। কিন্তু ইমান বৃহৎ পৰিমাণৰ টকাখিনি কোনে,কত ইমানদিনে লুকুৱাই ৰাখিছিল তাক লৈ তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে।