আন্তঃৰাষ্ট্ৰীয়

১০ বছৰীয়া শিশুৱে আৰম্ভ কৰিব বিচাৰে কোম্পানী, কান্টাছ এয়াৰলাইনৰ চি ই অ’লৈ চিঠি

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৱা হয় যে সপোন চালে সদায় ডাঙৰ সপোনহে চাব লাগে। কাৰণ যিকোন সময়ত আপোনাৰ সেই সপোন বাস্তৱ হ'ব পাৰে। ঠিক এনেকুৱাই এটা সপোন দেখিছে অষ্ট্ৰেলিয়াৰ এটি ১০ বছৰীয়া শিশুৱে। দৰাচলতে, ১০ বছৰীয়া এলেক্স জেকৱাৰ্টে নিজৰ এটা এয়াৰলাইন কোম্পানী আৰম্ভ কৰিব বিচাৰে। কিন্তু শিশুটিৱে নাজানে যে কোম্পানীটো আৰম্ভ কেনেকৈ কৰিব পাৰি। তাৰপাছত এলেক্সে ইয়াৰ উত্তৰ অষ্ট্ৰেলিয়াৰ আটাইতকৈ পুৰণি এয়াৰলাইন কোম্পানী কান্টাছ এয়াৰলাইনৰ কাৰ্যবাহী সম্পাদকলৈ এখন পত্ৰ প্ৰেৰণ কৰে, য'ত শিশুটিৱে নিজৰ প্ৰশ্ন উত্তৰ বিচাৰে।

এই পত্ৰখনৰ উত্তৰ দিয়ে কান্টাছ এয়াৰলাইনৰ কাৰ্যবাহী সম্পাদকগৰাকীয়ে। কাৰ্যবাহী সম্পাদকগৰাকীয়ে উত্তৰত লিখে কেনেদৰে নিজৰ এয়াৰলাইন কোম্পানী আৰম্ভ কৰিব পাৰি আৰু কিদৰে সফলতাৰ চিৰিত বগাব পাৰি। উল্লেখ্য যে, এলেক্স জেকৱাৰ্ট আৰু কাৰ্যবাহী সম্পাদকগৰাকীৰ কথা-বতৰাৰ এই পত্ৰখন কান্টাছ এয়াৰলাইনৰ অফিচিয়েল টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে। আৰু তাৰপাছতেই এই পত্ৰখন ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, এয়াৰলাইন কোম্পানীটোলৈ ১০ বছৰীয়া শিশুটিয়ে পত্ৰখনত লিখিছিল- আমি দুয়োজন সহ-সংস্থাপপ। মই আপোনাক কেইটামান প্ৰশ্ন কৰিব বিচাৰো। প্ৰথমটো প্ৰশ্ন হ'ল- এতিয়া মোৰ স্কুলৰ ছুটী চলি আছে। সেয়েহে নিজাকৈ এয়াৰলাইন কোম্পানীৰ কাম আৰম্ভ কৰাৰ বাবে মোৰ হাতত বহু সময় আছে।সেয়েহে মই সুধিব বিচাৰিছো। কাৰ্যবাহী সম্পাদক মহোদয়ে মোক সহায় কৰিব নেকি?

দ্বিতীয়টো প্ৰশ্ন শিশুটিয়ে পত্ৰখনত লিখে যে- 'আপুনি মোক নিজৰ এয়াৰলাইন কোম্পানী প্ৰতিষ্ঠা কৰাৰ কিবা টিপছ দিব পাৰিব নেকি?' আৰু অন্তিমটো প্ৰশ্ন হ'ল-'ময়ো ছিডনী-মেলবৰ্ণৰ পৰা লণ্ডন অভিমুখে এ-৩৫০ৰ দৰে বিমান ব্যৱহাৰ কৰিব বিচাৰো। কিন্তু ২৫ ঘম্টীয়া এই যাত্ৰা সময়ত যাত্ৰীসকলক সকলো সুবিধা দিয়াতো এক প্ৰত্যাহ্বান। আপুনি এই সন্দৰ্ভত মোক কি কৰিলে ভাল সেই সন্দৰ্ভত সহায় কৰিব নেকি?'