আন্তঃৰাষ্ট্ৰীয়

১০ জন পাকিস্তানী সৈনিক নিহত….

asomiyapratidin

ডিজিটেল ডেস্কঃ বেলুচিস্তানত এক উগ্ৰপন্থীৰ আক্ৰামণত ১০ জন পাকিস্তানী সৈনিক নিহত হোৱাৰ ঘটনা সংঘটিত হৈছে। বেলুচিস্তানৰ কেচজিলাৰ এটা নিৰাপত্তা বাহনীৰ চ'ষ্টত এই ঘটনা সংঘটিত হৈছে। আন্তঃ-সেৱা জনসম্পৰ্ক (আইএছপিআৰ)ৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে সন্ত্ৰাসবাদীসকলে ২৫-২৬ জানুৱাৰীৰ নিশা এই আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপে, এজন সন্ত্ৰাসবাদীও নিহত হয় আৰু আন কেইবাজনো লোক আহত হয়।

ইৰাণ আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তানত দীৰ্ঘদিন ধৰি এক হিংসাত্মক বিদ্ৰোহ দেখা গৈছে। বেলুচ বিদ্ৰোহী গোটবোৰে অতীতত অঞ্চলটোত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি)ক লক্ষ্য কৰি আক্ৰমণ চলাই আহিছে।