আন্তঃৰাষ্ট্ৰীয়

বিশ্বৰ ধুনীয়া ১০ যোৰ চকু…

asomiyapratidin

চকুত থাকে মনৰ ভাষা। চকুৱে কয় বহু কথা। এযোৰ ধুনীয়া চকুৰ আশা কৰে সকলোৱে। সেয়েহে আজিৰ আধুনিক যুগত যিকোনো প্ৰকাৰে এযোৰ ধুনীয়া চকুৰ গৰাকী হ'বলৈ সকলোৱে বিচাৰে। মানুহৰ গুৰুত্বপূৰ্ণ অংগবোৰৰ ভিতৰত চকু অন্যতম। বিশ্বৰ ১০ যোৰ ধুনীয়া চকুৰ গৰাকী কোন? তেওঁলোক হয়তো চেলিব্ৰিটী নহয়। জন্মগতভাৱেই এই চকুৰ গৰাকী হৈছে। এক বিশেষ প্ৰতিবেদন।

১. এই ছোৱালীজনীৰ চকুত যেন ধৰা দিয়েহি আকাশ। এজনী সাধাৰণ সৰু ছোৱালী। কিন্তু তাইৰ চকুত আছে গভীৰতা আৰু নীলা। তাই চকুত লগোৱা নাই কোনো কৃত্ৰিম লেন্স। প্ৰকৃতিগতভাৱেই তাইৰ দুয়োটা চকু এনেকুৱা। অতি দৰিদ্ৰ পৰিয়ালৰ এই ছোৱালীজনীৰ চকু কেইটালৈ চাই আপুনি নিজেই ভাবক, কিমান ধুনীয়া হ'ব পাৰে তাইৰ দুয়োটা চকু।

এই কণমানিজনীৰ ঘৰ ভাৰতত…

২. কি চকু এয়া! ভাৰতৰেই এজনীও কণমানি। বিশ্বৰ অন্যতম সুন্দৰ চকুযোৰৰ গৰাকী তেওঁ। তেওঁৰ চকুতো আছে অনন্য সৌন্দৰ্য। আপুনি হয়তো চালে ভাবিব, চকুৰ মণিত কিবা লগাই থৈছে। কিন্তু এয়া জন্মগত।

৩. যুদ্ধৰ সময়ৰ এখন বিখ্যাত ছবি। সেই ছবিখনৰ এই কিশোৰীগৰাকীৰ চকুহালকো বহুতে ক'ব বিচাৰে বিশ্বৰ অন্যতম ধুনীয়া চকু।

৪. কিমান উজ্বল হ'ব পাৰে চকু? তাৰ প্ৰমাণ এইযোৰ চকু। যিজন ফটো গ্ৰাফাৰে ফটোখন তুলিছিল তেওঁ নাজানে কাৰ চকু এয়া। কিন্তু তেওঁ এই চকুহালত বিচাৰি পাইছিল উজ্বলতা। সেয়েহে তুলি ৰাখিছিল ফটো। আশাৰ চিকমিকনি আছে এই চকুযোৰত।

৫. এটা প্ৰাণখোলা হাঁহি, মূৰত আঘাতৰ চিন। তথাপিও তেওঁৰ চকুৱে কয় বহু কথা। আফ্ৰিকাৰ এটি শিশুৰ এই চকুত আছে আকাশৰ সমস্ত নীলা। নিজেই চাওঁক সেই চকুযোৰ কিমান ধুনীয়া…

৬. সাগৰৰ নীলা পানীৰ দৰে পাতল বৰণৰ এই কিশোৰীগৰাকীৰ চকুযোৰত আছে আকুলতা। বিশ্বৰ অন্যতম ধুনীয়া চকুযোৰৰ ভিতৰত সেয়েহে তেওঁৰ চকুযোৰেও স্থান পাইছে এই তালিকা।

৭. এনেকুৱা চকু হয়তো আপুনি দেখা নাই। এই বৰণৰ চকু কাৰোবাৰ থাকিব পাৰে বুলি আপুনি ভবা নাই। কিন্তু আছে এনে চকু।

৮. কোনোবা চেলিব্ৰিটীয়ে চকু আকৰ্ষণ বৃদ্ধিৰ বাবে ক'নটেক্ট লেন্স লগাই চকুযোৰ ধুনীয়া কৰে। কিন্তু এওঁৰ চকুত নাই কোনো ক'নটেক্ট লেন্স।

৯. বিশ্বৰ সুন্দৰী অভিনেত্ৰীবোৰেও চক খাই উঠিব এইযোৰ চকু দেখিলে। সৌন্দৰ্যক আৰু অধিক প্ৰাণ দিছে এইযোৰ চকুৱে।

১০. এই চকুত দেখা পোৱা যায় আত্মা! যুদ্ধত বিধ্বস্ত এক জীৱন। তথাপিও সেই যুদ্ধৰ শংকা ঢাকি ৰাখিছে চকুযোৰে।