শিক্ষা-প্ৰযুক্তি

মহাকাশ বিজ্ঞানে ৰচিলে ইতিহাস, প্ৰথমবাৰৰ বাবে কোনো তৰাই এটি গ্ৰহক গ্ৰাস কৰি পেলোৱা প্ৰত্যক্ষ কৰিলে বিশ্ববাসীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক : পৃথিৱীৰ পৰা প্ৰায় ১২ হেজাৰ আলোকবৰ্ষ দূৰৈত সংঘটিত হ'ল এক মহাজাগতিক ঘটনা । যি প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিলে সমগ্ৰ বিশ্ববাসীয়ে । এটি তৰাই গ্ৰহ এটিক গ্ৰাস কৰি পেলোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে সমগ্ৰ বিশ্বই । ইয়াৰ পূৰ্বেও গৱেষকসকলে এনে ঘটনাৰ উমান পাইছিল যদিও ই আছিল হয়তো গ্ৰহটোক গ্ৰাস কৰি দিয়াৰ পূৰ্বে অথবা তাৰ পাছত । এইবাৰেই প্ৰথম গ্ৰাস কৰি থকা সময়ত প্ৰত্যক্ষ দৰ্শনৰ সুবিধা লাভ কৰিলে গৱেষক তথা বিজ্ঞানীসকলে ।

হাতীপটি তাৰকাৰাজ্যৰেই অংগ এই তৰাটিয়ে গ্ৰহটিক গ্ৰাস কৰা ভিডিঅ' তথা আলোকচিত্ৰ অতি সোনকালেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল

উল্লেখ্য যে, জীৱনকাল শেষ হৈ অহা তৰাসমূহে অন্তিম অৱস্থাত নিকটৱৰ্তী গ্ৰহসমূহক এনেদৰে গ্ৰাস কৰাটো অৱশ্যে সাধাৰণ কথা ।বহু বিশেষজ্ঞ তথা মহাকাশ বিজ্ঞানীসকলৰ মতে, সূৰ্যও অন্তিম সময়ত এইদৰেই গ্ৰাস কৰিব পৃথিৱী তথা আন গ্ৰহসমূহক ।