গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংঃ এখন কাণ বিকল হ'ল ছাত্ৰৰ...
গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংঃ এখন কাণ বিকল হ'ল ছাত্ৰৰ... 
শিক্ষা-প্ৰযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংঃ এখন কাণ বিকল হ'ল ছাত্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আন এক ৰেগিং কাণ্ডৰ তথ্য পোহৰলৈ আহিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পিছত এইবাৰ ৰাজ্যৰ আন এখন অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত পোহৰলৈ আহিছে ৰেগিং কাণ্ড।

বিশ্ববিদ্যালয়খনৰ আৰ চি চি-৩ হোষ্টেলত সংঘটিত হৈছে এই ৰেগিং কাণ্ড। তাৎপৰ্যপূৰ্ণ ভাৱে এই ৰেগিঙৰ ঘটনা সংঘটিত হৈছিল যোৱা ২৭ মাৰ্চতেই। কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ৰেগিঙৰ ঘটনা গাপ দি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

আৰ চি চি-৩ হোষ্টেলৰ আৱাসী হজৰত আলী নামৰ ছাত্ৰ জনৰ লগত সংঘটিত হৈছে এই ৰেগিং কাণ্ড। অভিযোগ অনুসৰি ৰেগিঙৰ নামত হজৰত আলীক হোষ্টেলৰ জ্যেষ্ঠ আৱাসীসকলে অকথ্য নিৰ্যাতন চলাইছিল।

এই নিৰ্যাতনত হজৰত আলী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল। যাৰ পৰিণতিত হজৰত আলী বৰ্তমানেও জি এম চি এইছত ভৰ্তি হৈ আছে বুলি খবৰ পোৱা গৈছে।

গোৱালপাৰা জিলাৰ শিমলিতোলা অঞ্চলৰ ভেৰভেৰি গাঁৱৰ হজৰত আলীৰ এখন কাণ বিকল হৈ পৰিছে। চুপাৰ চিনিয়ৰ আৰু লগৰীয়াই ৰেগিঙৰ নামত প্ৰহাৰ কৰিছিল বুলি অভিযোগ কৰিছে হজৰত আলীয়ে।

এই ঘটনা সন্দৰ্ভত হজৰত আলীয়ে কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে সমগ্ৰ ঘটনা গাপ দিয়াৰহে চেষ্টা কৰে বুলি প্ৰকাশ পাইছে।

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সংঘটিত হৈ অহা এনে ৰেগিং কাণ্ডৰ তথ্য এটাৰ পিছত আন এটাকৈ এইদৰেই পোহৰলৈ অহাৰ পিছত এতিয়া স্বাভাৱিকতে প্ৰশ্ন উদয় হৈছে, হোষ্টেলত সুৰক্ষিত নহয় নেকি ছাত্ৰ? ৰেগিঙৰ দৰে এই ঘটনা সন্দৰ্ভত গুৰুত্ব দিয়া নাই নেকি কৰ্তৃপক্ষই? আৰু কিমান ছাত্ৰ এইদৰে ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন সহিব লাগিব?