শিক্ষা-প্ৰযুক্তি

PAN Card For Minors: নাবালকৰ পান কাৰ্ড বনোৱাৰ পদ্ধতি বিষয়ে জানেনে?

asomiyapratidin

ডিজিটেল ডেস্ক: এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত অন্যতম এখন নথি হৈছে পান কাৰ্ড (PAN CARD) । আমাৰ সকলোৰে এটা ভুল ধাৰণা আছে যে কেৱল ১৮ বছৰৰ অধিক বয়সৰ ব্যক্তিয়েহে পান কাৰ্ডৰ গৰাকী হ’ব পাৰে।কিন্তু আয়কৰ বিভাগে পান কাৰ্ডৰ আবেদনৰ বাবে বয়সৰ সীমা ধাৰ্য্য কৰা নাই।সেয়ে শিশুসকলো হ’ব পাৰে পান কাৰ্ডৰ অধিকাৰী।এইখিনিতে আমাৰ মনত প্ৰশ্ন অহাতে স্বাভাৱিক যে, শিশুক কি ক্ষেত্ৰত প্ৰয়োজন হয় পান কাৰ্ড ?

শিশুক কেতিয়া পান কাৰ্ডৰ প্ৰয়োজন ?

যদি আপুনি আপোনাৰ শিশুৰ নামত বিনিয়োগ কৰিব বিচাৰে তেতিয়া শিশুটিৰ নামত পান কাৰ্ড থকাটো বাঞ্চনীয়।তদুপৰি আইটিআৰ ফাইলিং নিয়মৰ মতে, ভাৰতত আইটিআৰ ফাইল কৰাৰ কোনো সীমা নাই। যদি কোনো নাবালকে ১৫ হাজাৰ টকা প্ৰতিমাহত উপাৰ্জন কৰে তেন্তে তেওঁ আইটিআৰ ফাইল কৰিব পাৰে।

পান কাৰ্ড বনোৱাৰ বাবে অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিতে আবেদন কৰিব পৰা যায়।

পান কাৰ্ডৰ বনোৱাৰ বাবে প্ৰয়োজনীয় নথি

শিশুৰ পিতৃ–মাতৃৰ ঠিকনা আৰু পৰিচয়ৰ প্ৰমাণপত্ৰ।

ঠিকনাৰ প্ৰমাণৰ বাবে আধাৰ কাৰ্ড, পোষ্ট অফিচৰ পাছবুক, সম্পত্তি পঞ্জীয়নৰ নথি বা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ কপি জমা দিব লাগিব।

শিশুৰ বাবে পান কাৰ্ড বনোৱাৰ আবেদন পদ্ধতি

১. প্ৰথমে টেক্স ইনফৰ্মেচন নেটৱৰ্কৰ ৱেবছাইট www.tin-nsdl.comলৈ যাওক। ইয়াৰ পিছত ‘Online PAN Application’ত ক্লিক কৰক।

২. ভিতৰত ৰেছিডেন্সী ষ্টেটাছৰ হিচাপত ফৰ্ম 49 বা ফৰ্ম 49(A) নিৰ্বাচন কৰক।

৩. ইয়াৰ পিছত দিয়া নিৰ্দেশসমূহ পালন কৰি আবেদনকাৰীৰ কেটেগৰী ছিলেক্ট কৰি আগবাঢ়ক।

৪. ছিলেক্ট অপচনত ক্লিক কৰি প্ৰয়োজনীয় সবিশেষ দাখিল কৰক।

৫. এতিয়া আপুনি কেতবোৰ নথি আপলোড কৰাৰ নিৰ্দেশ লাভ কৰিব। সকলো প্ৰয়োজনীয় নথি আপলোড কৰক। লগতে অনলাইন ফিজ পৰিশোধ কৰক।

৬. 'Submit'ত ক্লিক কৰক। ইয়াৰ পিছত আপুনি স্ক্ৰীণত এটা ৰেফাৰেন্স নম্বৰ পাব। ইয়াক লিখি ৰাখক। ই আপোনাক পিছত পান কাৰ্ড আবেদনৰ ষ্টেটাছ চেক কৰাত সহায় কৰিব।

৭. সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত কিছুদিনৰ পিছত আপোনাৰ পান কাৰ্ড আপোনাৰ ঠিকনালৈ প্ৰেৰণ কৰা হ’ব।