শিক্ষা-প্ৰযুক্তি

নিউটনৰ বহু দশক পূৰ্বেই মাধ্যাকৰ্ষণ শক্তি বুজি উঠিছিল নেকি লিঅ'নাৰ্ড' দা ভিঞ্চিয়ে ?

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰেনেছা যুগৰ বিখ্যাত চিত্ৰকৰ লিঅ'নাৰ্ড' দা ভিঞ্চিৰ নাম নুশুনা মানুহ হয়তো এই পৃথিৱীত বহু কম । পৃথিৱী বিখ্যাত মনালিছাৰ ছবিখন এতিয়াও পৃথিৱীৰ শ্ৰেষ্ঠ ছবিসমূহৰ ভিতৰত এখন । সেই লিঅ'নাৰ্ড' দা ভিঞ্চি কেৱল চিত্ৰকৰেই নাছিল বৰং জীৱ বিজ্ঞানৰ ক্ষেত্ৰতো প্ৰচুৰ অধ্যয়ন আছিল তেওঁৰ । লিঅ'নাৰ্ড' দা ভিঞ্চিৰ মানৱ শৰীৰ অধ্যয়ণৰ ছবিসমূহ আজিও আধুনিক জীৱ বিজ্ঞানৰ বাটকটীয়া বুলি গণ্য কৰে বহু লোকে ।

তেনেস্থলত শিল্পী গৰাকীৰ চিত্ৰ সমূহৰ অধ্যয়ন প্ৰয়োজনীয় আছিল সকলোৰে বাবে । কিয়নো এই সমূহৰ মাজত লুকাই আছিল বহু ৰহস্য । শিল্পী গৰাকীৰ ক'ডেক্স অৰুণডেল নামৰ চিত্ৰকলাৰ সংকলন খনত থকা চিত্ৰ আৰু তথ্য সমূহৰ অধ্যয়ন কৰা হৈছিল ২০১৭ চনতেই। ১৪৮০ চনৰ পৰা ১৫১৮ চনলৈ অংকন কৰা ছবি সমূহৰ অন্তৰালত আছিল আধুনিক বিজ্ঞানৰ বহু ৰহস্য । বৰ্তমান তেনে এক ৰহস্যই ফাদিল হোৱাৰ দিশে।

কেলিফৰ্নিয়াৰ ইনষ্টিটিউট অৱ টেকন'লজীৰ অধ্যাপক ম'ৰী ঘাৰিব আৰু তেখেতৰ দলে কৰা এক অধ্যয়নত পোহৰলৈ আহিছিল কিছু নতুন চিত্ৰ । য'ত আছিল এটি পাত্ৰৰ পৰা মাটিলৈ বালি পৰি থকা এখন চিত্ৰ আৰু সৈতে পাত্ৰটো তথা বালিখিনিৰ জোখ-মাখ ল'বলৈ কিছু ত্ৰিভুজ । গৱেষকসকলে ত্ৰিভূজ কেইটাৰ অৱস্থিতিলৈ লক্ষ্য ৰাখি মত পোষন কৰিছে যে, সম্ভৱত নিউটনৰ বহু দশক পূৰ্বেই মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে আয়ত্ত কৰিছিল ইটালীৰ চিত্ৰকৰজনে । ইয়াৰে এটা ত্ৰিভূজৰ ওচৰত লিখা আছিল "গতিৰ সমতা" ।

ম'ৰী ঘাৰিব আৰু তেখেতৰ সহকৰ্মী দুজন অভিযন্তাই এই সন্দৰ্ভত বিতং অধ্যয়ন কৰাৰ পাছত গ'ম পালে যে, লিঅ'নাৰ্ড' দা ভিঞ্চিয়ে মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে বুজিবলৈ ইতিমধ্যেই আৰম্ভ কৰিছিল । এই তিনিগৰাকী ব্যক্তিয়ে ইতিমধ্যেই লিঅ'নাৰ্ড' দা ভিঞ্চিৰ ওপৰত কৰা অধ্যয়ন দাখিল কৰিছে প্ৰকাশৰ বাবে । এই প্ৰতিবেদন অনুসৰি দা ভিঞ্চিৰ মতে মাধ্যাকৰ্ষণ শক্তি আছিল পৃথিৱীৰ গতিবেগৰ ফলত সৃষ্ট । ইয়াৰ ওপৰিও মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত লিঅ'নাৰ্ড' দা ভিঞ্চিয়ে কৰা আন মন্তব্যসমূহো ৯৭ শতাংশলৈ শুদ্ধ আছিল । যি আছিল নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে কৰা অধ্যয়নৰ ২০০ বছৰৰো পূৰ্বে ।