শিক্ষা-প্ৰযুক্তি

মহাবিদ্যালয়-ৰাজ্যিক বিশ্ববিদ্যালয়লৈ জৰুৰী নিৰ্দেশনাঃ সলনি হ'ল পাঠদানৰ সময়সূচী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা শিক্ষা বিভাগৰ। এতিয়াৰে পৰা পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ পাঠদান কৰিব লাগিব মহাবিদ্যালয়-ৰাজ্যিক বিশ্ববিদ্যালয়সমূহে।

দিনৰ ১ বজাৰ পৰা ২ বজালৈ টিফিনৰ সময় নিৰ্ধাৰণ কৰাৰ বিপৰীতে সপ্তাহত ৪০ ঘণ্টা কামৰ সময় নিৰ্ধাৰণৰ কৰিছে শিক্ষা বিভাগটোয়ে। লগতে আভ্যন্তৰীণ মূল্যায়ণৰ পৰীক্ষাৰ ফলাফল এসপ্তাহৰ ভিতৰত ঘোষণা কৰিব লাগিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে।

সমান্তৰালভাবে ষাণ্মাসিকৰ পৰীক্ষাৰ বহী ১৫দিনৰ ভিতৰত জমা দিব লাগিব। তদুপৰি পৰীক্ষাৰ ফলাফল এমাহৰ ভিতৰত ঘোষণা কৰিব লাগিব প্ৰতিখন মহাবিদ্যালয় তথা ৰাজ্যিক বিশ্ববিদ্যালয়ে।

আকৌ অধ্যাপকে জুন আৰু ডিচেম্বৰ মাহত পৰীক্ষাৰ কামত জড়িত হ’ব লাগিব আৰু আন সময়ত শিক্ষাৰ্থীক লগত লৈ ক্ষেত্র ভিত্তিক অধ্যয়ন কৰিব লাগিব বুলিও উল্লেখ কৰিছে। উল্লেখ্য যে, ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত এই নিৰ্দেশ পালন কৰিব লাগিব।