টি-২০ বিশ্বকাপৰ দলত চাহাল ! ভাগ্যৰ চকৰী ঘূৰিছে সঠিক দিশত...
টি-২০ বিশ্বকাপৰ দলত চাহাল ! ভাগ্যৰ চকৰী ঘূৰিছে সঠিক দিশত... 
ক্রীড়া-জগত

টি-২০ বিশ্বকাপৰ দলত চাহাল ! ভাগ্যৰ চকৰী ঘূৰিছে সঠিক দিশত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃযোৱা প্ৰায় ডেৰ বছৰতকৈ অধিক সময় ভাৰতীয় দলৰ পৰা বাহিৰত আছে যুজবেন্দ্ৰ চাহাল। ভাৰতীয় ক্ৰিকেট দলত স্থান সুৰক্ষিত কৰিব পৰা নাই চাহালে। দলৰ পৰা বাহিৰ হোৱাৰ আগলৈকে প্ৰতিখন মেচতে উইকেট লৈ আছিল যদিও তেওঁক দলৰ পৰা বাদ দিছিল টীম মেনেজমেণ্টে।

চাহালৰ সৈতে আচলতে হৈ আছে কি, সেয়া বহুতেই নাজানে অথবা জানিবলৈ চেষ্টা কৰিও জানিব পৰা নাই। ক্ৰিকেট কেৰিয়াৰৰ উপৰিও চাহালৰ বৈবাহিক জীৱনো বহু সময়ত চৰ্চাৰ মাজলৈ আহিছে।

বহুতেই ক'বলৈ আৰম্ভ কৰিছে চাহালৰ ক্ৰিকেট কেৰিয়াৰৰ ডাউন ফল চলি আছে। কিন্তু আই পি এল-২০২৪ ৰ আৰম্ভণিৰ পাছতে চাহালৰ ক্ৰিকেট জীৱনে এক নতুন গতি লাভ কৰিছে বুলি ক্ৰিকেট বিশেষজ্ঞই দাবী কৰিছে।

ৰাজস্থান ৰয়েলছৰ হৈ খেলা চাহালে ইতিমধ্যে চলিত ছিজনৰ প্ৰথম তিনিওখন মেচেতেই অনবদ্য প্ৰদৰ্শন দাঙি ধৰিছে। এনে প্ৰদৰ্শনৰ বাবেই বহুতেই এতিয়া ক'বলৈ আৰম্ভ কৰিছে চাহালৰ ভাগ্যৰ চকৰী পুনৰ সঠিক দিশত ঘূৰিবলৈ আৰম্ভ কৰিছে।

১ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ ঘৰুৱা ষ্টেডিয়াম ৱাংখেড়েত ৰাজস্থান ৰয়েলছে ঘৰুৱা দলটোক বিধ্বস্ত কৰিলে। ৰাজস্থানৰ টৰেণ্ট বল্টে প্ৰথমে এটাৰ পিছত এটাকৈ উইকেট দখল কৰি মুম্বাইক দিশহাৰা কৰাৰ পাছত চাহালে সেই ধাৰাক আগুৱাই নিলে।

কোনো এজন বেটছমেনকেই মূৰ দাঙি থিয় হৈ থকাৰ সুযোগ নিদিলে। অসহায় হৈ এইসকলোবোৰ চাই থাকিল টীম ইণ্ডিয়াৰ অধিনায়ক, আৰু উপ-অধিনায়ক তথা মুম্বাইৰ সদ্য প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়াই।

ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ ওপৰত দেশৰ ক্ৰিকেট। আই পি এলৰ পাছতে আছে টি-২০ বিশ্বকাপ। টি-২০ বিশ্বকাপৰ বাবে যদিও ভাৰতী দল প্ৰায় চূড়ান্ত হৈছে তথাপিও আই পি এলত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিতেই কেইবাজনো ক্ৰিকেটাৰক যে দলত স্থান দিয়া হ’ব সেয়া নিশ্চিত।

সেয়ে মুম্বাইৰ খেলুৱৈ হ’লেও ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াই চাহালৰ এই প্ৰদৰ্শনক ভালকৈয়ে পৰ্যবেক্ষণ কৰিলে। মেচখনত চাহালে ৪ অভাৰ বল কৰি ২.৭৫ ইকনমিৰে ১১ ৰাণ ব্যয় কৰি মুঠ ৩ টা উইকেট দখল কৰে।

চাহালে বৰ্তমানলৈকে ৩ খন মেচ খেলি ৬ টা উইকেট দখল কৰিছে। তেওঁ আছে পাৰ্পল কেপৰ দৌৰত। উল্লেখ্যে, চি এছ কেৰ বেগী বলা মুস্তাফিজুৰ ৰহমানে ৭ উইকেট দখল কৰি পাৰ্পল কেপ পৰিধান কৰি আছে।

ইফালে চাহালৰ এনে প্ৰদৰ্শনত ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমচনৰ পৰা আৰম্ভ কৰি বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশংসা কৰাই নহয়, চাহালৰ দক্ষতাক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

এই পৰ্যন্ত চাহালে টি-২০ত ভাৰতক প্ৰতিনিধিত্ব কৰি মুঠ ৯৬ টা উইকেট দখল কৰিছে। আই পি এলত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপেও খ্যাতি আছে চাহালৰ।

চলিত এপ্ৰিল মাহৰ শেষত ভাৰতীয় ক্ৰিকেটৰ নিৰ্বাচক মণ্ডলীয়ে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰিব। এতিয়াও চাহালৰ হাতত বহু সুযোগ আছে। আগন্তক প্ৰতিখন মেচতেই যদি তেওঁ প্ৰদৰ্শনৰ এই ধাৰাবাহিকতা ৰক্ষা কৰে তেন্তে নিশ্চিতভাৱে চাহালেও ভাৰতীয় দলত স্থান লাভ কৰা সম্ভাৱনা অধিক প্ৰৱল হৈ পৰিব।