ক্রীড়া-জগত

ইউক্ৰেইনৰ ২ যুৱকে ৰাজহুৱা কৰিলে ৬০হাজাৰ ফেচবুক একাউণ্টৰ তথ্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ ক্ৰাইম। ছ'চিয়েল মিডিয়া যেনে- ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদিৰ একাউণ্টবোৰৰ তথ্য ব্যক্তিগত কৰি ৰখা হয়। কিন্তু বহু হেকাৰে এই ব্যক্তিগত তথ্য সমূহ হেক ৰি ৰাজহুৱা কৰাও খবৰ সময়ে সময়ে দেখিবলৈ পোৱা গৈছে। য়ুক্ৰেইনতো সংঘটিত হ'ল চাইবাৰ ক্ৰাইম।

য়ুক্ৰেইনৰ দুজন যুৱকে অনলাইন কুইজৰ মাধ্যমেৰে ৬০ হাজাৰতকৈ অধিক ফেচবুক ব্যৱহাৰকাৰীক ব্ৰাউজাৰ ইনষ্টল কৰাৰ প্ৰলোভন দি তেওঁলোকৰ প্ৰফাইলৰ তথ্যসমূহ ৰাজহুৱা কৰে। জানিব পৰা মতে, এণ্ড্ৰিয় গোব্ৰেকোব আৰু গ্লেব স্লেকস্কী নামৰ যুৱক দুজনে ফেচবুকৰ 'নিউজ ফীড'ত নিজৰ বিজ্ঞাপন দেখুৱাবলৈ ব্ৰাউজাৰৰ ব্যৱহাৰ কৰিছিল।

ইফালে, কীৱত বাস কৰা যুৱক দুজনে কেলিফৰ্ণিয়া আৰু হেকিং বিৰোধী আইন উলংঘা কৰিছে। লগতে যুৱকজনৰ ওপৰত ফেচবুকৰ নিয়ম উলংঘা কৰাৰ বাবে এক গোচৰো ৰুজু কৰা হৈছে। লগতে ফেচবুকে অভিযোগ উত্থাপন কৰিছে যে- এই যুৱক দুজনে ৰুছী নাগৰিকৰ একাউণ্ট লক্ষ্য কৰি লৈছে। আনহাতে, ফেচবুকে দাবী কৰিছে যে- যুৱক দুজনে মুঠ ফেচবুকৰ ব্যৱহাৰকাৰীৰ দ্বাৰা প্ৰায় ৬৩হাজাৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰায় আৰু কোম্পানীটোৰ ৭৫ হাজাৰ পাউণ্ড লোকচান হয়।