ক্রীড়া-জগত

যুৱ অলিম্পিকত ইতিহাস ৰচিলে ভাৰত জেৰেমী লালৰিন্দুগাই

asomiyapratidin

ডিজিটেল ডেস্কঃ ৬ অক্টোবৰৰ পৰা আমেৰিকাত আৰম্ভ হোৱা যুৱ অলিম্পিকত ভাৰতে জিনিলে প্ৰথমটো স্বৰ্ণ। ৬২ কিঃগ্ৰাঃ ভাৰত্তোলন শাখাত ভাৰতৰ জেৰেমী লালৰিন্দুগাই জিনিলে এই স্বৰ্ণ পদক।

জেৰেমীৰ এই স্বৰ্ণপদক যুৱ অলিম্পিকৰ ইতিহাসত ভাৰতৰ বাবে প্ৰথমটো পদক। ইয়াৰ পূৰ্বে কোনো ভাৰতীয় খেলুৱৈয়ে যুৱ অলিম্পিকত অৰ্জন কৰা নাছিল স্বৰ্ণ। জেৰেমীয়ে মুঠ ২৭৪ কিঃগ্ৰাঃ ভাৰ দাঙি স্বৰ্ণ পদক অৰ্জন কৰে। জেৰেমীৰ স্বৰ্ণ পদকৰ সৈতে যুৱ অলিম্পিক ২০১৮ত ভাৰতৰ মুঠ পদকৰ সংখ্যা ৪টালৈ বৃদ্ধি হৈছে।