ক্রীড়া-জগত

ছুপাৰ অভাৰতো ড্ৰ’ হোৱাৰ পাছত বিশ্বকাপৰ ফাইনেলত কেনেকৈ জিকিল ইংলেণ্ড…সবিশেষ

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিলে ইংলেণ্ডে। নিউজিলেণ্ডৰ বিশ্বজয়ৰ সপোন অৱশেষত ইংলেণ্ডে কৰিলে চুৰমাৰ।

টছত জিকি প্ৰথমে নিউজিলেণ্ডে বেটিং কৰাৰ সিদ্ধান্ত লয়।নিৰ্ধাৰিত ৫০ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰে ২৪১ ৰাণ। ২৪১ ৰানৰ পিছা কৰি ইংলেণ্ডেও ৫০ অভাৰত সংগ্ৰহ কৰে ২৪১ ৰান। খেল ড্ৰ হোৱাৰ পাছত আই চি চিৰ নিয়ম অনুসৰি দুয়োটা দলৰ মাজত খেলুৱা হ'ল ছুপাৰ অভাৰ।

ছুপাৰ অভাৰত প্ৰথমে বেটিঙৰ বাবে ফিল্ডত নামে ইংলেণ্ড। ছুপাৰ অভাৰত বেটিং কৰিবলৈ অহা ইংলেণ্ডৰ বাটলাৰ আৰু বেন ষ্ট্ৰ'কে সংগ্ৰহ কৰে ১৫ ৰাণ। ছুপাৰ অভাৰত নিউজিলেণ্ডে বেটিঙৰ বাবে প্ৰক্ষেপ কৰে জে নিশ্বাম আৰু এম গুপ্টেয়ে। কিন্তু ইংলেণ্ডৰ বলাৰ এৰ'হাৰৰ বলত নিউজিলেণ্ড ১৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ছুপাৰ অভাৰটো খেল হয় ড্ৰ।

আ চি চি নিয়ম অনুসৰি সৰ্বাধিক বাউণ্ডেৰী কোবোৱাৰ হিচাপত অৱশেষত ইংলেণ্ড দখল কৰে ২০১৯ৰ ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপ ২০১৯ৰ মেন অৱ দ্য টুনাৰ্মেন্টৰ খিতাপ দখল কৰে নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামছনে। আনহাতে মেন অৱ দ্য মেচ লাভ কৰে বেন ষ্ট্ৰ'কে।