ক্রীড়া-জগত

আমি দলৰ বৈঠকত কৃষক আন্দোলন সন্দৰ্ভত আলোচনা কৰিছো : বিৰাট কোহলী….

asomiyapratidin

ডিজিটেল ডেস্ক : কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন দেশৰ ডাঙৰ বিষয় হৈ পৰিছে। দেশৰ সকলো ঠাইতে কৃষকসকলৰ আন্দোলনকলৈ চৰ্চা অব্যহত আছে। ক্ৰীড়া বিশ্বও এই চৰ্চা পৰা আতৰি থকা নাই ।বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ আগতে কোহলীয়ে এক অনলাইন সংবাদমেলত এই মন্তব্য কৰে । ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিৰাট কোহলীয়ে ভাৰতীয় ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তন কৰইচে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথম টেষ্টৰ পিছত বিৰাটে ভাৰতলৈ উভতি আহিছিল।

কোহলীয়ে লগতে কয় যে, "আমি টীম মিটিঙত কৃষক আন্দোলন সন্দৰ্ভত কথা পাতিছিলো। সকলোৱে তেওঁলোকৰ মতামত দাঙি ধৰিছিল । বুধবাৰে, আমেৰিকান পপ তাৰকা ৰিহানাকে ধৰি আন্তৰ্জাতিক খ্যাতি সম্পন্ন ব্যক্তিয়ে কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল । তাৰ পিছতে কোহলী, শচীন তেণ্ডুলকাৰ, প্ৰশিক্ষক ৰবি শাস্ত্ৰীকে ধৰি কেইবাজনো ভাৰতীয় ক্ৰিকেট তাৰকাই দেশত একতা বাজাই ৰখাৰ বাবে আহ্বান জনাইছিল।