ক্রীড়া-জগত

ওখ ছোৱালীৰ বাবে বিপদত বিৰাট কোহলিঃ VIDEO ভাইৰেল

asomiyapratidin

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন খেল তিনিদিনতে বিজয় সাব্যস্ত কৰাৰ পাছত ভাৰতীয় ক্ৰিকেট দল অধিনায়ক এতিয়া পত্নীৰ সৈতে সময় কটাইছে মুম্বাইত।

যোৱা ১০ অক্টোবৰত অধিনায়কজন ব্যস্ত আছিল এটা ঘড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিশেষ অনুষ্ঠানত। অনুষ্ঠানটোত উপস্থিত থকা বিৰাটৰ সকলো অনুৰাগীয়ে বিৰাটৰ সৈতে ফটো তুলিলে।

সেইসময়তে মঞ্চলৈ আহিল ভাৰতৰ উদীয়মান মহিলা টেনিছ খেলুৱৈ কৰমন কৌৰ থাণ্ডী। কৰমনৰ সৈতে ফটো তোলাৰ সময়তে অধিনায়কগৰাকী পৰিল বিমোৰত।

৫.১১ ফুট কৰমনৰ কাষত থিয় হৈ ৫.৯ ফুটৰ বিৰাটে ফটো তুলিবলৈ গৈ লাজত পৰিল। লগে লগে অধিনায়ক গৰাকীয়ে ওচৰততে থকা ৰেম্পত থিয় হৈ কৰমনক তলত থিয় কৰাই ফটো তুলিলে।

https://twitter.com/twitter/statuses/1050234725842018304

অনুষ্ঠানটোত নিজৰ উচ্চতাক লৈ বিমোৰত পৰা কোহলিৰ ভিডিঅ'টো বৰ্তমান ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ'টো প্ৰত্যক্ষ কৰি বহুতে কোহলিক 'কমপ্লেন' খাবলৈ পৰামৰ্শ আগবঢ়োৱা দেখা গৈছে।