ক্রীড়া-জগত

ইংলেণ্ডৰ বিৰুদ্ধে মহেন্দ্ৰ সিং ধোনীৰ হেলিকপ্তাৰ শ্বট খেলিবলৈ অনুশীলন বিৰাট কোহলীৰ VIDEO…

asomiyapratidin

ডিজিটেল ডেস্ক : ভাৰতীয় দলটোৱে ৫ ফেব্ৰুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত অংশগ্ৰহন কৰিব । ভাৰতীয় দলক নেতৃত্ব দিব অধিনায়ক বিৰাট কোহলীয়ে । ইফালে বিচিআইয়ে ভাৰতীয় খেলুৱৈ সকলে অনুশীলন কৰি থকা সময়ৰ এক ভিডিঅ' ছচিয়েল মিডিয়াত আপলোড কৰিছে ।

ভিডিঅ'টোত অধিনায়ক বিৰাট কোহলীয়ে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ হেলিকপ্তাৰ শ্বটৰ বাবে চেষ্টা কৰা দেখা গৈছে । যাৰ ফলত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে । আনহাতে অনুশীলনৰ সময়ত ভাৰতীয় দলে ফুটবল খেলত অংশ লোৱাৰ লগতে দৌৰি থকা দৃশ্যও ভিডিঅ'টোত আছে ।

ইপিনে বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত কেইবাটাও ৰেকৰ্ড গঢ়াৰ বাবে সুযোগ থাকিব। কোহলী আন্তৰ্জাতিক ক্ৰিকেটত অধিনায়ক হিচাপে ১২ হাজাৰ ৰাণ কৰা তৃতীয় অধিনায়ক হোৱাৰ পৰা মাত্ৰ ১৮৯ ৰাণ দূৰত আছে। যদি কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সময়ত ১৮৯ ৰাণ কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁ অধিনায়ক হিচাপে এই ৰেকৰ্ডটো গঢ়িবলৈ সক্ষম হ'ব।