ক্রীড়া-জগত

কেৱল খেলপথাৰত নহয়, ছ’চিয়েল মিডিয়াতো অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিৰাট কোহলী, নামটো শুনিলেই প্ৰতিজন ভাৰতীয়ৰ মনত উদ্ভৱ হয় আশাৰ। টিভি বা ষ্টেডিয়ামত ভাৰতৰ ক্ৰিকেট মেচ চাই থকা সময়ত যদি ভাৰতৰ বাকী কেইজন খেলুৱৈয়ে ভাল খেল প্ৰদৰ্শন নকৰে, তেতিয়া সকলোৰে মুখত এটাই কথা ওলাই যে- 'কোহলী আছে এতিয়াও বেটিং কৰিবলৈ'।

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত ২০ হাজাৰ ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈগৰাকী হৈছে বিৰাট কোহলী। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক গৰাকী ক্ৰিকেটৰ ক্ষেত্ৰখনত এক অতিকৈ পৰিচিত নাম। পিছে এই খেলুৱৈগৰাকী কেৱল ক্ৰিকেটৰ জগততেই অভিলেখ গঢ়া নাই। বিৰাট কোহলীয়ে গঢ়িছে আন এটা অভিলেখহে।

ছ'চিয়েল মিডিয়াত আটাইতকৈ বেছি সংখ্যক লোকে ফ'ল' কৰা ক্ৰিকেটাৰসকলৰ তালিকাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলীয়ে। ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা এই খেলুৱৈগৰাকীৰ ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত আছে প্ৰায় ৩ কোটিকৈ ফ'ল'ৱাৰছ।

ইফালে, এই তালিকাত দ্বিতীয় স্থানত আছে মাষ্টাৰ ব্লাষ্টাৰ শচীনতেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰৰ টুইটাৰত ৩ কোটি, ফেচবুকত ২.৮ কোটি আৰু ইনষ্টাগ্ৰামত১.৬৫ কোটি ফ'ল'ৱাৰ আছে। আনহাতে, মহেন্দ্ৰ সিং ধোনী এই তালিকাত আছে তৃতীয় স্থানত।