ক্রীড়া-জগত

উন্নীত বিৰাট,অৱনমিত ৰোহিত

Asomiya Pratidin

ডিজিটেল ডেস্ক : নৱবৰ্ষৰ প্ৰথম সপ্তাহতে বিৰাট কোহলিয়ে পালে অন্য এক ভাল খবৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন টেষ্ট চলি থকাৰ মাজতে আহিল সেই খবৰটো। খবৰটো হৈছে আই চি চি টেষ্ট ৰেংকিঙৰ প্ৰথম দহগৰাকী বেটাৰৰ তালিকাত স্থান লাভ কৰিছে প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য বিৰাট কোহলিয়ে।

প্ৰায় দুবছৰৰ পিচত তেওঁ এই সফলতাৰ মুখ দেখিছে। পূৰ্বতকৈ চাৰিটাস্থান আগুৱাই শেহতীয়া তালিকাখনত কোহলিয়ে নৱম স্থান দখল কৰিছে। উল্লেখযোগ্য যে ২০২২ৰ মাৰ্চৰ পিচত প্ৰথমবাৰলৈ টেষ্ট ৰেংকিঙত প্ৰথম দহত প্ৰৱেশ কৰিলে।

অৱশ্যে এই তালিকাত কোহলিৰ বাহিৰে কোনো এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবেই উন্নীত হৈছে বিৰাট কোহলি। বিপৰীতে চাৰিটা স্থান পিচুৱাই চতুৰ্দশ স্থানলৈ অৱনমিত হৈছে অধিনায়ক ৰোহিত শৰ্মা।