ক্রীড়া-জগত

বিৰাট কোহলীয়ে ভংগ কৰিলে ৫১ বছৰীয়া পুৰনি ৰেকৰ্ড…

asomiyapratidin

ডিজিটেল ডেস্ক : ভাৰত অষ্ট্ৰেলিয়াৰ মাজত চলি থকা প্ৰথম খন টেষ্ট ক্ৰিকেট খেলত ভাৰতে ২৪৪ ৰানত প্ৰথম ইনিংছ সামৰে । প্ৰথম ইনিংছত ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে সৰ্বাধিক ৭৪ ৰান সংগ্ৰহ কৰে । কোহলীয়ে টেষ্ট কেৰিয়াৰৰ ২৩ নং অৰ্ধশতক অৰ্জন কৰে ।

ভাৰতীয় অধিনায়ক গৰাকীয়ে শতক অৰ্জন কৰিব নোৱাৰিলেও এক ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ সক্ষম হয় । বিৰাট কোহলীয়ে ভাৰতীয় অধিনায়ক হিচাপে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ৰেকৰ্ড কৰিবলৈ সক্ষম হয় ।

বিৰাট কোহলীয়ে এতিয়ালৈকে অধিনায়ক হিচাপে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৫১ ৰান সংগ্ৰহ কৰিছে । কোহলীয়ে পূৰ্বৰ অধিনায়ক মানসুৰ আলী খান পাটাউদি আৰু মহেন্দ্ৰ সিং ধোনীৰ ৰেকৰ্ড ভংগ কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত অধিনায়ক হিচাপে খেলাৰ সময়ত ১০ খন টেষ্টত মানসুৰ আলী খান পাটাউডিয়ে ৮২৯ ৰান সংগ্ৰহ কৰিছিল।ধোনীয়ে অধিনায়ক হিচাপে টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮১৩ ৰান সংগ্ৰহ কৰিছিল।