ক্রীড়া-জগত

উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল ফাইনেল, ইডেন এফচিৰ চূড়ান্ত খিতাপ দখল

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ নচিব চৰেনৰ একমাত্ৰ গ'লৰ সহায়ত ইডেন এফচিয়ে ২৬ সংখ্যক সৰ্ব ভাৰতীয় উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলৰ চূড়ান্ত খিতাপ দখল কৰে। ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰি ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনিৰ শনিবাৰে অনুষ্ঠিত চুড়ান্ত খেলত গলন্দিহাবিৰ ইডেন এফচিয়ে শস্ত্ৰপাৰাৰ দৈমালু ক্লাৱক একমাত্ৰ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত খিতাপ দখল কৰে।

শ্বিলং আৰু অসমৰ বিভিন্ন প্ৰান্তৰ সংগৃহীত সুদক্ষ খেলুৱৈৰে গঠিত দুই স্থানীয় দলৰ মাজত অনুষ্ঠিত তুমুল উত্তেজনাপূৰ্ণ খেলৰ ২০ মিনিটতে ইডেন এফচিৰ ষ্ট্ৰাইকাৰ নচিব চৰেনে দলৰ হৈ একমাত্ৰ গলটো কৰিবলৈ সক্ষম হয়। বিপৰীতে দৈমালু ক্লাৱে গল পৰিশোধ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সক্ষম নহ'ল।

চূড়ান্ত প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে বিটিচিৰ ইএম অনচুমৈ খুংগুৰ বড়োৱে। খেলৰ অন্তত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নচিব চৰেনক বঁটা প্ৰদান কৰে বিটিচিৰ অতিৰিক্ত প্ৰধান সচিব ৰবিনচন মুচাহাৰীয়ে।

জয়ী হোৱা দলক বঁটা প্ৰদান কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে আৰু বিজয় দলক বঁটা প্ৰদান কৰে বিটিচিৰ ইএম অনচুমৈ বড়োৱে। খেলৰ আৰম্ভণীতে বডোফা ইউ এন ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰদীপ কুমাৰ দৈমাৰীয়ে।