ক্রীড়া-জগত

ওদালগুৰি প্ৰীমিয়াৰ ক্ৰিকেটঃ লায়ন্স ক্লাব চূড়ান্ত বিজয়ী

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা দ্বিতীয় অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ সোমবাৰে লায়ন্স ক্লাব ওদালগুৰি বনাম টংলা ক্ৰিকেট ক্লাবৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হৈ যায়। এই চূড়ান্ত খেলত লায়ন্স ক্লাব ওদালগুৰিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। খেলৰ আৰম্ভণিত টংলা ক্ৰিকেট ক্লাবে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰথমাৱস্থাত টংলা ক্ৰিকেট ক্লাবে শক্তিশালী ৰূপে খেলখন আগুৱাই নিছিল যদিও লায়ন্স ক্লাবৰ দূৰ্দান্ত বলিঙৰ সন্মুখত টংলা ক্লাবৰ বেটছমেন ধৰাসায়ী হৈ পৰে। ফলত দলটোৱে মাত্ৰ ২৮.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯০ ৰাণ সংগ্ৰহ কৰে। লায়ন্স ক্লাবৰ প্ৰাচূৰ্য দাসে ৭ অভাৰৰ ৬ অভাৰ মেইডেনসহ ৪ ৰাণ দি ৩টা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি লায়ন্স ক্লাবে ১৪ অভাৰত ৬ টা উইকেট হেৰুৱাই নিজৰ জয়ৰ লক্ষত উপনীত হয়। টংলা ক্লাবৰ কৌশিক দাসে ৬ অভাৰত ৪০ ৰাণ দি ৩ টা উইকেট দখল কৰে। ইয়াৰ পাছত প্ৰতিযোগিতাৰ বিজয়ী লায়ন্স ক্লাবক ১ লাখ টকাৰ চেক প্ৰদান কৰে ওদালগুৰি ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই।