ক্রীড়া-জগত

বাংলাদেশৰ চমক! ভাৰতৰ স্বপ্ন ভংগ কৰি বিশ্বকাপ দখল…

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৯ অনুর্ধৰ ক্ৰিকেট বিশ্বকাপত বাংলাদেশে ৰচিলে ইতিহাস। ফাইনেল মেচত ৩ উইকেটত ভাৰতক পৰাস্ত কৰি প্রথমবাৰলৈ বিশ্বকাপ দখল কৰিলে বাংলাদেশে। ইফালে, এই পৰাজয়ে পঞ্চমবাৰলৈ ১৯ অনুর্ধৰ ক্ৰিকেট বিশ্বকাপ জিনাৰ সপোন চাৰখাৰ কৰিলে টীম ইণ্ডিয়াৰ।

বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক আকবৰ আলীৰ নেতৃত্বত দলটোৱে সম্পূৰ্ণ টুৰ্ণামেন্টখনতে যথেষ্ট দৃঢ়তাৰে মেচসমূহত অৱতীৰ্ণ হৈছিল। আই চি চি শিতাপ জয় কৰা বাংলাদেশ এছিয়াৰ তৃতীয়টো দল হিচাপে পৰিগণিত হৈছে।

প্ৰথমে টছত জিকি বাংলাদেশে বলিং কৰাৰ সিদ্ধান্ত লৈ ৪৭.২ অভাৰতে অল আউট কৰিছিল টীম ইণ্ডিয়াৰ।১৭৭ ৰানতে অল আউট হোৱা টীম ইণ্ডিয়াৰ হৈ যশস্বী জয়স্বৱালে সৰ্বাধিক ৮৮ ৰানৰ বৰঙণি আগবঢ়াইছিল।

১৭৮ৰানৰ লক্ষ্য পিছা কৰি ৪২.১ অভাৰত তিনিটা উইকেট হেৰুৱাই এই শিতাপ দখল কৰে বাংলাদেশে। বাংলাদেশৰ এই সফলতাত অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। উল্লেখ্য যে, এছিয়াৰ ভিতৰত ভাৰতে চাৰিবাৰ আৰু পাকিস্তানে দুবাৰকৈ ১৯ অনুর্ধৰ ক্ৰিকেট বিশ্বকাপ দখল কৰিছিল।