ক্রীড়া-জগত

দেওবাৰে অলিম্পিকত ভাৰতৰ কি কি খেল…

asomiyapratidin

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতৰ এথলিট-খেলুৱৈসকলেই সৰ্বাধিক পদক অৰ্জন কৰাতো প্ৰতিগৰাকী ভাৰতীয়ৰ সপোন তথা আশা। দ্বিতীয় দিনালৈকে জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত পদকৰ তালিকাত শীৰ্ষত আছে চীন। তাৰ মাজতেই ভাৰোত্তলনত মীৰাবাই ছানুৱে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰিছে।

২৫ জুলাই অৰ্থাৎ দেওবাৰৰ দিনটোত ভাৰতে কোন কোন খেলত অংশগ্ৰহণ কৰিব তাৰ তালিকা তলত উল্লেখ কৰা হৈছে-

পুৱা ৭.৩০ বজাত টেনিছত ৱ'মেনছ ড'বল্ছত ইউক্ৰেইনৰ বিৰুদ্ধে খেলিব ভাৰতৰ ছানিয়া মিৰ্জা আৰু এ ৰাইনাই। ৭.১০ বজাত বেডমিন্টনত ৱ'মেনছ ছিংগলত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পি ভি সিন্ধুৱে। তাৰপাছত দিনৰ ১২ বজাত টেবুল টেনিছত পুনৰ ইউক্ৰেইনৰ খেলুৱৈৰ বিৰুদ্ধে ভাৰতৰ মনিকা বাত্ৰাই খেলিব। বিয়লি ১.৩০ বজাত ৱ'মেনছ ফ্লাইৱেইটত ডমিনিকছ ৰিপাব্লিকৰ মহিলা বক্সাৰৰ বিৰুদ্ধে ৰিঙত সোমাব মেৰী কম। আৰু তাৰপাছত ৩ বজাত অষ্ট্ৰেলিয়াৰ হকী দলৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় হকী দল।