ক্রীড়া-জগত

এফালে শৃংখলা দখল, আনফালে সমতা স্থাপনৰ যুঁজত ভাৰত-অষ্ট্ৰেলিয়া

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিপক্ষে টেষ্ট শৃংখলা জয় কৰাৰ পাছত প্ৰবল আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দল। তিনিখনীয়া এদিনীয়া শৃংখলাতো ভাৰতীয় দলৰ জয়ৰ ধাৰাবাহিকতা বৰ্তমানলৈকে অক্ষুন্ন আছে।

আলহী দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰি ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে ঘৰুৱা দল ভাৰত। আজি অনুষ্ঠিত হ'ব দ্বিতীয়খন এদিনীয়া মেচ। এই মেচখন দুয়ো দলৰ বাবে গুৰুত্বপূৰ্ণ।

কিয়নো অষ্ট্ৰেলিয়াৰ সন্মুখত সমতা স্থাপনৰ সুযোগ। অন্যহাতে ঘৰুৱা দলটোৰ শৃংখলা জয়ৰ সুযোগ। সেয়ে দুয়ো দলে যুঁজাৰু মানসিকতাৰে খেলপথাৰত অৱৰ্তীৰ্ণ হ'ব। অৱশ্যে ঘৰৰ মাটিত ভাৰতক পৰাস্ত কৰা সহজ নহয়। কিন্তু ক্ৰিকেট অনিশ্চিয়তাৰে ভৰা খেল। শেষ মুহূৰ্তলৈকে মেচৰ সোঁত কোনফালে ধাল খাই কোনোও নাজানে।

সন্মুখত এদিনীয়া বিশ্বকাপ। দুয়ো দলৰ বাবে এদিনীয়া শৃংখলাটি অতিকৈ গুৰুত্বপূৰ্ণ। দীৰ্ঘ দিনে দুৰ্বল ফৰ্মৰ বাবে যুঁজি থকা কে এল ৰাহুলে শেহতীয়া মেচত অৰ্ধশতকৰে নিজৰ প্ৰতিভাৰ উমান দিছে। অ'পেনাৰ শুভমন গীলো আছে সুন্দৰ ফৰ্মত।

দীৰ্ঘ দিন খেলপথাৰৰ পৰা আঁতৰি থকা জাডেজাই প্ৰত্যাৱৰ্তন কৰিয়েই টেষ্ট আৰু শেহতীয়া এদিনীয়া মেচত বটে-বলে উজলি উঠি তেওঁৰ শক্তিৰ প্ৰমাণ দাঙি ধৰিছে। অৱশ্যে শ্ৰেয়াছ আয়াৰৰ ফৰ্মে দলীয় মেনেজমেণ্টক চিন্তিত কৰিছে। খেলৰ সময়- দুপৰীয়া ১-৩০ বজাত।