ক্রীড়া-জগত

ক্ষন্তেক সময় পিছতেই আৰম্ভ হ'ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, পেচ বলাৰৰ বাবে নিৰ্মাণ কৰা হৈছে পিটছ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ক্ষন্তেক সময় পাছতেই আৰম্ভ হ'ব ক্ৰিকেট জগতৰ মহাৰণ । পাঁচদিনীয়া কুৰুক্ষেত্ৰ যুদ্ধত অৱতীৰ্ণ হ'বলৈ গৈ আছে ভাৰত-অষ্ট্ৰেলিয়া । লক্ষ্য এটাই, টেষ্ট চেম্পিয়ন হোৱাৰ । কিন্তু চেম্পিয়নশ্বিপৰ পূৰ্বেই ইংলেণ্ডৰ পিটছত ভাৰতীয় দলৰ প্ৰদৰ্শনক লৈ উত্থাপন হৈছিল আশংকাৰ । বেগী পিটছত ভাৰতীয় বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ পূৰ্বৰে পৰাই বদনাম আছে । অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ পিটছত ভাৰতৰ বহু শক্তিশালী বেটছমেন শূণ্য ৰানতেই পেভিলিয়নমুখী হোৱাৰ উদাহৰণ সুলভ ।

অৱশ্যে ভাৰতৰ আছে পূৰ্বৰ অভিজ্ঞতা । বিগত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছিল ভাৰতে । দ্বিতীয় স্থানতেই সন্তুষ্ট হ'লেও ফাইনেলৰ চাপ সহ্য কৰিবলৈ শিকিছে দলটোৱে । তেনেস্থলত তৰুণ খেলুৱৈৰে সমৃদ্ধ দলটোৱে অষ্ট্ৰেলিয়াক প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা অধিক ।

কিন্তু খেল আৰম্ভ হ'বলৈ কিছু মুহুৰ্ত থকা অৱস্থাতেই অ'ভেলৰ পিটছৰ এক আলোকচিত্ৰই খলকনি তুলিছে ক্ৰিকেট জগতত । প্ৰায় ৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ ঘাঁহেৰে আৱৰা অ'ভেলৰ পিটছ । তেনেস্থলত সমগ্ৰ খেলখনৰ প্ৰথম দুটা দিন অন্তত : বেগী বলাৰৰ পক্ষত যে থাকিব সেইয়া নিশ্চিত ।

অৱশ্যে পৰৱৰ্তী সময়ত সলনি হ'ব পাৰে খেলৰ সংজ্ঞা, কিন্তু প্ৰথম দুটা দিনৰ বলিঙে যে সমগ্ৰ খেলখনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব সি খাটাং । তেনেস্থলত যিটো দলেই টছ জিকিব, সেইটো দলেই জয়ৰ কাষ চাপি যাব টেষ্টৰ আৰম্ভণিতেই ।