ক্রীড়া-জগত

সমালোচনাৰ অগনিত জ্বলি সোণ হ'ল গীলঃ খেলিলে শতকীয় ইনিংছ, শচীনৰ শুভেচ্ছা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে চলিত দ্বিতীয়খন টেষ্টত শতক অৰ্জন কৰিছে শুভমন গীলে। ভাৰত-ইংলেণ্ড দ্বি-পাক্ষিক টেষ্ট শৃংখলাৰ ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন মেচৰ দ্বিতীয় ইনিংছত তাৰকা বেটাৰ শুভমন গীলে ১৪৭ বলত ১০৪ ৰাণ সংগ্ৰহ কৰে।

তেওঁৰ শতকৰ সহায়তে ভাৰত সন্তোষজনক স্থিতিত উপনীত হয়। দ্বিতীয় ইনিংছত ঘৰুৱা দল ভাৰতে ২৫৫ ৰাণ কৰে। আনহাতে আলহী দলটোৱে মেচৰ তৃতীয় দিনৰ অন্তত ১ টা উইকেটৰ বিনিময়ত ৬৭ ৰাণ সংগ্ৰহ কৰি বেটিং কৰি আছে।

উল্লেখ্য যে প্ৰথম ইনিংছত দ্বিশতক অৰ্জনকাৰী যশস্বী জয়ছোৱালৰ ২০৯ ৰাণৰ সহায়ত ভাৰতে ৩৯৬ ৰাণত ইনিংছ সামৰিছিল। আনহাতে দ্বিতীয় ইনিংছত ২৫৫ ৰাণ। এই অনুসৰি আলহী দলটোৱে জয়ৰ বাবে ৩৩২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি ইনিংছ আগবঢ়াই লৈ গৈ আছে।

দ্বিতীয় ইনিংছত ভাৰতীয় বেটাৰে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱাৰ সময়চোৱাত শুভমন গীলৰ শতকে ঘৰুৱা দলটোক সন্তোষজনক স্থিতিত উপনীত কৰায়। গীলৰ এই সময়োপযোগী শতকৰ বাবে ক্ৰিকেটৰ ভগৱান, মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে শুভেচ্ছা জ্ঞাপন কৰে।

শচীনে সামাজিক মাধ্যমযোগে "শুভমন গীলৰ এই ইনিংছটো দক্ষতাৰে পৰিপূৰ্ণ আছিল ! এটা ভাল সময়ৰ শতকৰ বাবে অভিনন্দন !" বুলি উল্লেখ কৰে।