ক্রীড়া-জগত

টীম ইণ্ডিয়াই ৰচিলে ইতিহাস, ৩১ বছৰৰ মূৰত গৃহভূমিত ফল’অনৰ লজ্জাত অষ্ট্ৰেলিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ মাটিত প্ৰথমবাৰলৈ ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা হেৰুৱালে অষ্ট্ৰেলিয়াই। এক ঐতিহাসিক বিজয়ৰ কাউন্ট ডাউন দেওবাৰৰ পৰা আৰম্ভ হোৱা অন্তত বৰষুণৰ বাধাৰ বাবে চতুৰ্থখন মেচ ড্ৰ' ঘোষণা কৰা হ'য়। এই জয়ৰে অষ্ট্ৰেলিয়াৰ ভূমিত টীম ইণ্ডিয়াই গঢ়িলে অন্য এক ইতিহাস।

প্ৰথম বাৰলৈ অষ্ট্ৰেলিয়াৰ ভূমিত টেষ্ট শৃংখলা দখল কৰিলে ইণ্ডিয়াই। ২-১ ৰে টেষ্ট শৃংখলা নিজৰ দখললৈ অনা ভাৰতে অষ্টেলিয়া টীমক ৩১ বছৰৰ পাছত ফল'অন কৰাবলৈ বাধ্য কৰালে। দেওবাৰৰ খেলত বৰষুণে বাধা দিলেও টীম ইণ্ডিয়াৰ বলিংৰ যাদুত ৩০০ ৰাণতে প্ৰথম ইংনিছ সামৰিবলৈ বাধ্য কৰাইছিল অষ্ট্ৰেলিয়াক । দ্বিতীয় ইংনিছত ৩২২ ৰাণত পিছপৰি থকা কেংগেৰু বাহিনীক ফল'অন কৰাবলৈ বাধ্য কৰাইছিল টীম ইণ্ডিয়াই।