ক্রীড়া-জগত

টি জি বৰুৱা টি-২০ত শনিবাৰে ‘অসমীয়া প্ৰতিদিন’ৰ খেল

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হৈ আছে টি জি বৰুৱা মেম'ৰিয়েল মিডিয়া টি-২০ টুৰ্ণামেন্ট-২০১৯। ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ খেলসমূহ অনুষ্ঠিত হৈ গৈছে।

২০১৮ বৰ্ষৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা 'অসমীয়া প্ৰতিদিন'-এ শনিবাৰে প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত 'আছাম টকছ'ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

এই প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল পুৱা ৯ বজাৰ পৰা আৰু দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ'ব 'জি এল পাব্লিকেছন' আৰু 'জি প্লাছ'ৰ মাজত।