ক্রীড়া-জগত

বংগৰ স্বৰ্ণকন্যা স্বপ্নাৰ বাবে বিশেষ জোতা নিৰ্মাণ কৰিব বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানে

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৮ সংখ্যক এছিয়ান গেমছত হেপ্তাথলনত দেশলৈ স্বৰ্ণৰ পদক আজুঁৰি আনিছিল বংগ কন্যা স্বপ্না বৰ্মনে। অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ পৰা এনে সফলতা বুটঁলা স্বপ্না আজি সমগ্ৰ দেশৰে চিনাকী মুখ।

ইতিমধ্যে স্বপ্নাৰ কঠোৰ জীৱন সংগ্ৰামক সাঙুৰি বহু বা-বাতৰিও প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত। স্বপ্নাৰ ভৰি দুখনত আছে ১২ টাকৈ আঙুলি। যাৰবাবে খেলৰ সময়ত উপযুক্ত জোতাৰ অভাৱত এযোৰ পুৰণা জোতা পিন্ধিয়েই খেলপথাৰত নামিছিল স্বপ্না।

কিন্তু শেহতীয়াকৈ আহিছে এটা ভাল খবৰ। স্বপ্নাৰ বাবে বিশেষ জোতা নিৰ্মাণ কৰিব বিশ্বৰ আগশাৰীৰ খেলৰ সামগ্ৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠান 'এডিদাছে'। ভাৰতীয় খেল প্ৰাধীকৰণ চমুকৈ 'চাই'ৰ অনুৰোধ মৰ্মে এই বিশেষ জোতা নিৰ্মাণ কৰিব প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে, অতি দ্ৰৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহন কৰা স্বপ্নাৰ ঘৰ কলকতাৰ জলপাইগুৰিত ।