ক্রীড়া-জগত

এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত ভাৰতৰ সুনীল কুমাৰৰ অভিলেখ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰৰ বাবে ৮৭ কিলোৰ শাখাত সুনীল কুমাৰে লাভ কৰিবলৈ সক্ষম হৈছে এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপৰ গ্ৰেক' ৰোমানৰ স্বৰ্ণ পদক। কিৰ্গিস্তানৰ আজাট চালিদিন'ভক ৫-০ৰ ব্যৱধানত হৰুৱাই ৮৭ কিলো শাখাত বিগত ২৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা খেলুৱৈ ৰূপে বিৱেচিত হৈছে সুনীল কুমাৰ। তেওঁৰ পূৰ্বে ১৯৯৩ চনত পাপ্পু যাদৱে ৪৮ কিলোৰ শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল।

১২-৮ ব্যৱধানত জয়ী হৈ সুনীলে চূড়ান্ত খেলত প্ৰৱেশ কৰিছিল। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, 'ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি মই আজি সুখী। মই বহু কষ্ট কৰিছিলো। যোৱাবছৰ মোৰ যি প্ৰদৰ্শন আছিল তাতকৈ উন্নত কৰিবলৈ মই সক্ষম হৈছো।' উল্লেখ্য যে, সুনীলৰ পূৰ্বে অৰ্জুন হালাকুৰ্কীয়ে ৫৫ কিলোৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।