ক্রীড়া-জগত

বিৰাট কোহলীৰ কি কিটিপ অনুসৰণ কৰিলে অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ ষ্টিভ স্মিথে?

asomiyapratidin

ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ কিটিপ অনুসৰণ কৰিলে বিশ্বৰ ক্ৰিকেটজগতৰ শ্ৰেষ্ঠ বেটছমেন তথা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে। পিছে এই কিটিপ খেল সৰ্ম্পকীয় নহয়, ব্যক্তিগতহে।

শনিবাৰে বিবাহপাশত আৱদ্ধ হ'ল স্মিথ। বিশ্বৰ ক্ৰিকেট জগতৰ সুদৰ্শন খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ 'ছাউথেৰান হিজলেণ্ড'ত প্ৰেমিকা ডেনী বিলিসক জীৱনসংগী হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। এই বৰ্ষৰে ফেব্ৰুৱাৰী মাহত দুয়ো প্ৰেমিক যুগলে এই বিবাহৰ বিষয়ে ঘোষণা কৰিছিল।

স্মিথৰ বিবাহস্থলীত উপস্থিত থাকে অষ্ট্ৰেলিয়াৰ কেবাজনো তাৰকা খেলুৱৈ। ষ্টিভ স্মিথে পত্নী ডেনীৰ সৈতে এখন ফটো ইনষ্টাগ্ৰামত আপলোড কৰি লিখিছে, 'আজি মই খুবেই সুখী, কাৰণ মই মোৰ প্ৰিয়বন্ধুক জীৱনসংগী হিচাপে পাইছো।আজি ডেনীক আগতকৈ বেছি ধুনীয়া লাগিছে।'

উল্লেখ্য যে, খেলৰ বলিং ফিক্সিঙত জড়িত থকাৰ অপৰাধত যোৱা ৫মাহৰ পূৰ্বতে স্মিথক ১২ মাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বন কৰা হৈছিল।