ক্রীড়া-জগত

শ্ৰীলংকাৰ বিৰুদ্ধে ১৭৮ ৰানতে ইনিংছ সামৰিলে নিউজিলেণ্ডে

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শনেৰে দ্বিতীয়খন টেষ্টত ধৰাশায়ী হ'ল নিউজিলেণ্ড। মাত্ৰ ১৭৮ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হ'ল নিউজিলেণ্ড। বুধবাৰৰ পৰা হেংগলি অভেলত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত শক্তিশালী স্থিতিত দেখা পোৱা গ'ল শ্ৰীলংকা দলক। টছত জয়ী হৈ শ্ৰীলংকা দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পিছে শ্ৰীলংকাৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি চৰম বিপৰ্যয়ৰ সন্মুখীন হয় নিউজিলেণ্ড দলটোৰ ।

শ্ৰীলংকাৰ ছুৰাংগা লকমলৰ বিধ্বংসী বলিঙৰ আগত নিউজিলেণ্ডৰ কোনো এজন বেটছমেনেই অধিক সময় ক্ৰীজত তিষ্ঠিব নোৱাৰিলে। যাৰ বাবে নিউজিলেণ্ড দলটোৱে প্ৰথম ইনিংছত সংগ্ৰহ কৰিবলৈ সক্ষম হয় কেৱল ১৭৮ ৰান। দ্বিতীয়খন টেষ্টত লকমলে ৫৪ ৰান দি ৫ টা উইকেট দখল কৰাৰ বিপৰীতে লাহিৰু কুমাৰাই তিনিটা উইকেট আৰু দিৰুৱান পেৰেৰাই এটা উইকেট দখল কৰে। নিউজিলেণ্ডৰ হৈ টিম চাউদিয়ে সৰ্বাধিক ৬৮ ৰান আৰু বিজে ৱাটিলেং ৪৬ সংগ্ৰহ কৰে।