ক্রীড়া-জগত

খেলত উজ্বলিছে নাৰী! খেল মন্ত্ৰণালয়ে পদ্ম সন্মানৰ বাবে প্ৰেৰণ কৰা তালিকাত ৯গৰাকী খেলুৱৈৰ নাম

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত প্ৰথমবাৰ পদ্ম বিভূষণ সন্মানৰ বাবে নাম প্ৰেৰণ কৰা হৈছে এগৰাকী মহিলা এথলিটৰ। ৬ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা বক্সাৰগৰাকী হৈছে মেৰি কম।

উল্লেখ্য যে, পদ্ম সন্মানৰ বাবে মুঠ ৯গৰাকী মহিলা খেলুৱৈৰ নাম প্ৰেৰণ কৰাৰ সমান্তৰালকৈ দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সন্মান পদ্ম বিভূষণৰ বাবে প্ৰেৰণ কৰা হৈছে মেৰি কমৰ নাম। ২০১৩ চনত পদ্ম ভূষণ লাভ কৰাৰ উপৰি ২০০৬ চনত পদ্ম শ্ৰী সন্মান লাভ কৰিছিল মেৰি কমে।

মেৰি কম…

ইফালে দেশৰ তৃতীয় সৰ্ব্বোচ্চ সন্মান পদ্ম ভূষণৰ বাবে নাম প্ৰেৰণ কৰা হৈছে আগষ্ট মাহত বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধুৰ। ২০১৫ চনত পি ভি সিন্ধুৱে লাভ কৰিছিল পদ্ম শ্ৰী সন্মান।

পি ভি সিন্ধু…

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পদ্ম শ্ৰী সন্মানৰ বাবে নাম প্ৰেৰণ কৰা খেলুৱৈসকল হৈছে মল্ল যুঁজাৰু বিনেশ ভগাত, টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰা, ক্ৰিকেটাৰ হৰমনপ্ৰীট ক'ৰ, হকীৰ অধিনায়ক ৰাণী ৰামপাল, প্ৰাক্তন শ্বুটাৰ চুমা শীৰুৰ আৰু পৰ্বতাৰোহনকাৰী দুই ভগ্নী তাচী আৰু নুংচী মালিক। গৃহ মন্ত্ৰালয়ৰ পদ্মশ্ৰী এৱাৰ্ড বাচনি কমিটিলৈ এইসকল খেলুৱৈৰ নাম প্ৰেৰণ কৰা হৈছে। ২০২০ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত নাম গোষণা কৰা হ'ব সন্মান লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলৰ।