ক্রীড়া-জগত

ষ্টেডিয়ামত অশালীন আচৰণ! ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ বেন ষ্টকছক ICC-এ বিহিলে শাস্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইংলেণ্ড ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ বেন ষ্টকছে খেলৰ সময়ত অশালীন মন্তব্য কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ক্ৰিকেটাৰজনক তেওঁৰ খেলৰ আয়ৰ ১৫ শতাংশ জৰিমণা বিহাৰ লগতে 'ডিমেৰিট পইণ্ট' প্ৰদান কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ সময়ত বেন ষ্টকছে ষ্টেডিয়ামত উপস্থিত থকা এজন দৰ্শকক উদ্দেশ্যি অশালীন মন্তব্য কৰিছিল।

ইয়াৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল অৰ্থাৎ আইচিচিয়ে ক্ৰিকেটাৰজনক আইচিচিৰ আচৰণবিধি উলংঘা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে আৰু তেওঁৰ মেটছ ফী'ৰ ১৫ শতাংশ জৰিমণা বিহে। লগতে ক্ৰিকেটাৰজনক এটা 'ডিমেৰিট পইণ্ট'ও প্ৰদান কৰে আইচিচিয়ে। ক্ৰিকেটাৰ বেন ষ্টকছে খেলৰ কেইবাঘণ্টা পিছত তেওঁৰ ভুল স্বীকাৰ কৰে আৰু তাৰ বাবে ক্ষমা খোজে।