ক্রীড়া-জগত

বিচিচিআইৰ টুইটঃ সৌৰভ গাংগুলীয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে অধ্যক্ষ পদৰ দায়িত্বভাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মঙলবাৰে চম্ভালিলে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ড চমুকৈ বি চি চি আইৰ অধ্যক্ষৰ দায়িত্ব।বি চি চি আইয়ে অফিচিয়েল টুইটাৰ একাউণ্টত গাংগুলীয়ে ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব চম্ভালাৰ কথা ঘোষণা কৰে। আৰু লগতে শ্বেয়াৰ কৰিলে তেওঁৰ এখন ফটো।

বি চি চি আইয়ে টুইটাৰত লিখে- 'সৌৰভ গাংগুলীয়ে বি চি চি আইৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত চি অ এৰ কাৰ্যকালো সমাপ্ত হ'ল।' উল্লেখ্য যে, ৪৭ বছৰ বয়সীয়া গাংগালুৰ এই পদৰ দায়িত্ব এবছৰৰো কম সময়ৰ বাবেহে।যোৱা ৫ বছৰে গাংগুলীয়ে ক্ৰিকেট সংঘৰ অধ্যক্ষ ৰূপে দায়িত্ব পালন কৰি আহিছিল। বিচিচিআইৰ নতুন নিয়ম অনুসৰি এজন লোকে একেৰাহে কেৱল ৬ বছৰৰ বাবেহে সেৱা আগবঢ়াব পাৰে।

উল্লেখযোগ্য যে, বিচিচিআইৰঅধ্যক্ষৰ পদৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে যোৱা সপ্তাহত এই মনোনয়নদাখিল কৰিছিল। আৰু এই পদৰ বাবে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাৰ বাবেতেওঁকেই বিচিচিআইৰ নতুন অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হয়।