ক্রীড়া-জগত

পুনৰ ৰূপৰ পদকতে সন্তুষ্ট পি ভি সিন্ধু

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ৰূপতে সন্তুষ্ট থাকিবলৈ বাধ্য হ'ল পি ভি সিন্ধু। চীনৰ নানঝিঙত আজি অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় শ্বাটলাৰগৰাকী স্পেইনৰ কেৰ'লিনা মেৰিনৰ হাতত পৰাস্ত হয়।

অলিম্পিকত স্বৰ্ণজয়ী স্পেইনৰ কেৰ'লিনাই সিন্ধুক ২১-১৯, ২১-১০ ব্যৱধানত সহজে ধৰাশায়ী কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় স্পেনিছ সুন্দৰীগৰাকী।

২০১৪ আৰু ২০১৫ বৰ্ষতো প্ৰতিযোগিতাখনত খিতাপ জয় কৰা কেৰ'লিনাৰ আজিৰ খেলখনত সিদ্ধুক পৰাস্ত কৰিবলৈ প্ৰয়োজন হয় ৪৬ মিনিট সময়ৰ।

উল্লেখ্য যে বিগত বৰ্ষতো প্ৰতিযোগিতাখনত ফাইনেলত পৰাস্ত হৈছিল সিদ্ধু। ছাইনা নেহৱালে কোৱাৰ্টাৰৰ পৰা বিদায় লোৱাৰ পিছত সিদ্ধুক লৈ ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকল আশাবাদী হৈ আছিল যদিও শেষ মুহূৰ্তত এনেদৰেই থমকিবলগীয়া হয় শ্বাটলাৰগৰাকী।