ক্রীড়া-জগত

ব'ৰ্ডৰ নিৰ্দেশক অমান্য কৰাৰ ফল ভুগিলে শ্ৰেয়াছ আয়াৰ-ঈশান কিষাণে

Asomiya Pratidin

ডিজিটেল ডেস্ক : অৱশেষত ভবা কথাতে ছীল-মোহৰ পৰিল। ব'ৰ্ডৰ নিৰ্দেশক অমান্য কৰাৰ ফল ভুগিলে প্ৰতিভাৱান ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু উইকেট ৰক্ষক বেটছমেন ঈশান কিষাণে। ৰঞ্জী ট্ৰফীৰ মেচ নেখেলি এতিয়া বিপদত পৰিছে দুয়ো।

দুয়োগৰাকীকে কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়া হৈছে। চুক্তি নৱীকৰণৰ আলোচনাত দুয়োজনৰ কথাই বিবেচনা কৰা নহ'ল। আনহাতে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ক্ৰিকেটৰ পৰা আঁতৰত থাকিলেও কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত হৈছে ঋষভ পণ্টৰ নাম।

ইফালে শেহতীয়া প্ৰদৰ্শনৰ দ্বাৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যশস্বী জয়ছোৱাল প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চুক্তিত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে ব'ৰ্ডৰ নিৰ্দেশক অৱমাননা কৰি ৰঞ্জী নেখেলা আয়াৰ আৰু কিষাণ ২২-২৩ বৰ্ষৰ চুক্তি আছিল।

উক্ত বৰ্ষৰ চুক্তি অনুসৰি আয়াৰ আছিল 'বি' কেটেগৰীত আৰু কিষাণ 'চি' কেটেগৰীত। বুধবাৰে প্ৰকাশ কৰা এই বৰ্ষৰ চুক্তি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৩০গৰাকী খেলুৱৈৰ নাম।

তালিকা অনুসৰি 'এ- প্লাছ' কেটেগৰীত আছে ৰোহিত শৰ্মা, বিৰাট কোহলি, যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজা। 'এ' কেটেগৰীত ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, চিৰাজ, কে এল ৰাহুল, শুভমন গীল আৰু হাৰ্ডিক পাণ্ডিয়া। এনদৰে মুঠ ৩০গৰাকী ক্ৰিকেটাৰক চুক্তি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।