ক্রীড়া-জগত

ৱাৰ্নৰ ‘ন’ স্পিন’! মহম্মদ কাঈফে কিয় বিচাৰি ফুৰিছিল হোটেলৰ ডাঙৰ কোঠা?

asomiyapratidin

ডিজিটেল ডেস্কঃ কিংবদন্তি অষ্ট্ৰেলিয়ান স্পিনাৰ শ্বেন ৱাৰ্নে তেওঁৰ আত্মজীৱনী 'ন' স্পিন'ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খেলাৰ সময়ত হোৱা অভিজ্ঞতাৰ কথাও উল্লেখ কৰিছে। শ্বেন ৱাৰ্ণে ২০০৮ চনৰ আই পি এলৰ প্ৰথমটো বৰ্ষত ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল। সেই সময়ত তেওঁ লাভ কিছু অভিজ্ঞতা আৰু ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে তেওঁ পাৰ কৰা মুহূৰ্তসমূহ আত্মজীৱনীৰ জৰিয়তে ৰোমন্থন কৰিছে।

শ্বেন ৱাৰ্নে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ কাঈফৰ বিষয়েও আত্মজীৱনীত লিখিছে। যাৰ দ্বাৰা অষ্ট্ৰেলিয়ান আৰু ভাৰতীয় ক্ৰিকেটাৰৰ মাজত থকা তফাৎ খিনি ফুটি উঠাও পৰিলক্ষিত হয়। ৱাৰ্নৰ আত্মজীৱনী 'ন' স্পিনত' লিখিছে- 'ৰাজস্থান ৰয়েলছৰ হৈ যেতিয়া আমি খেলত অংশ লোৱাৰ পূৰ্বে হোটেলত উপস্থিত হৈছিলো তেতিয়া ৰিছিপশ্যনৰ পৰা সকলো খৈলুৱৈয়ে নিজৰ নিজৰ কোঠাৰ চাবি লৈ গৈছিল। কিন্তু মই দলৰ স্বত্বাধিকাৰীৰ সৈতে ৰিছিপশ্যন হলতে বহি কথা পাতি আছিলো।'

তেওঁ লিখিছে- 'সেই সময়তে ৰিছিপশ্যন কাউন্টাৰত মহম্মদ কাঈফ উপস্থিত হয়। তেওঁ ৰিছিপশ্যনিষ্ট যুৱতীগৰাকীক কয়- 'মই কাঈফ।' যুৱতীগৰাকীয়ে মুৰটো জোকাৰি অতি সম্ভ্ৰমেৰে কয়, 'হয় মই আপোনাক চিনি পাও, মই আপোনাক কিদৰে সহায় কৰিব পাৰো?' ইয়াৰ উত্তৰ দি কাঈফে পুনৰ একেটা কথাই দোহাৰে- 'মই মহম্মদ কাঈফ।'

ৱাৰ্নে পুনৰ লিখিছে- 'পৰিস্থিতিটো সঠিক নেদেখি মই কাঈফৰ ওচৰলৈ আহি ক'লো- তেওঁ আপোনাৰ কাঈফ বুলি চিনি পায়। আপোনাৰ অসুবিধা কি হৈছে সেয়া জনাওক। তেতিয়াহে আপোনাক সহায় কৰিব পাৰিব। মোৰ কথাত তেওঁ যি ক'লে তাৰ দ্বাৰা মোৰ এনে লাগিল যে ভাৰতীয় ক্ৰিকেটাৰসকলে আচলতে সন্মান আৰু মৰ্যাদা লাভৰ বাবেহে ক্ৰিকেট খেলে। মোৰ ফালে চাই কাঈফে ক'লে যে যিহেতু তেওঁ এজন আন্তৰাষ্ট্ৰীয় আৰু জ্যেষ্ঠ ক্ৰিকেটাৰ। গতিকে তেওঁক অইন খেলুৱৈৰ দৰে সৰু কোঠা নহয়, হোটেলৰ ডাঙৰ কোঠাহে লাগে।'

'মই কাঈফক বুজালো যে সকলোৱে একেধৰণৰ ৰুম লাভ কৰিছে। কেৱল মই যিহেতু বিভিন্নজনৰ সৈতে আলোচনাত মিলিত হৈ থাকিব লাগে তাৰ বাবে মোৰ কোঠাটো অলপ ডাঙৰ। কিন্তু ইয়াত আপত্তি কৰিবলগীয়া একো নাই। -মোৰ কথাত বুজি পায় তেতিয়া কাঈফে তেওঁৰ ৰূমলৈ যায় যদিও পিছত মই ভাবিলো যে পৰৱৰ্তী সময়ত সকলোৰে বাবে ডাঙৰ কোঠাৰ বন্দোবস্ত কৰাটোৱেই ভাল হ'ব।' -এনেদৰে লিখিছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰজনে।

• আচলতে কিমান বয়স মুনাফ পেটেলৰ?

আনহাতে মুনাফ পেটেলৰ সৈতে শ্বেন ৱাৰ্নৰ সম্পৰ্কৰ কথা উল্লেখ কৰি আত্মজীৱনীত লিখিছে- 'মুনাফ যথেষ্ট ভাল খেলুৱৈ। তেওঁৰ ওচৰত আচৰিত কিবা এটা কৰি দেখুওৱাৰ সামৰ্থ আছে বাবেই তেওঁক আমি দলৰ অন্তৰ্ভূক্ত কৰিছিলো। এদিন মই তেওঁক তেওঁৰ বয়সৰ কথা সুধিলো। তেওঁ মোক হাঁহি হাঁহি সুধিলে যে মই তেওঁৰ কোনটো বয়সৰ কথা জানিব বিচাৰো? মই আচৰিত! বয়সৰো আৰু কোনটো বুলি কিবা থাকিব পাৰে বুলি মই ভাবিব পৰা নাছিলো। তথাপি তেওঁক মই সুধিলো যে মুঠতে মোক তোমাৰ বয়স কোৱা। তেওঁ ক'লে- 'মোৰ আই পি এল বয়স ২৪ বছৰ। কিন্তু মোৰ প্ৰকৃত বয়স ৩৪। আই পি এলত মোৰ বয়স ৩৪ বুলি জানিলে মোক কোনেও দলত অন্তৰ্ভক্ত কৰিবলৈ আগ্ৰহ নেদেখুৱাব। সেয়ে মই মোৰ বয়স ২৪ বুলি কও। আৰু ইয়াৰ দ্বাৰা অতি কমেও আৰু ৬ বছৰ আৰামত খেলিব পাৰিম।

• অনুশাসনহীন ৰবীন্দ্ৰ জাডেজা

ইফালে, শ্বেন ৱাৰ্নে নিজৰ আত্মজীৱনীখনত জাডেজাক অনুশাসনহীন বুলি মন্তব্য কৰিছে। তেওঁ লিখিছে- 'খুৱেই ভাল খেলুৱৈসকলৰ ভিতৰত জাডেজাও এজন। কিন্তু তেওঁ প্ৰথম অৱস্থাত বহু দিন অনুশাসনহীনতাৰ পৰিচয় দিছিল। তেওঁ সময়মতে অনুশীলনত উপস্থিত হোৱা নাছিল। এদিন মই অনুশীলনৰ পৰা ওভতাৰ পথত আধা বাটতে বাছখন ৰখালো আৰু যি সকলে পলমকৈ অনুশীলনত উপস্থিত হয়, তেওঁলোকক খোজকাঢ়ি যাবলৈ নিৰ্দেশ দিলো। তাৰ পিছদিনাখনৰ পৰা কোনো খেলুৱৈয়ে পলম কৰা নাছিল।'