ক্রীড়া-জগত

ভাৰত vs পাকিস্তানঃ মেচৰ পূৰ্বে কি ক’লে ছলমান খানে, ভাইৰেল হ’ল VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসী আজিৰ দিনটোত অপেক্ষা কৰিছে আৱেলি ৭.৩০ বজালৈ। কিয়নো আজি খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে নামিব ভাৰতীয় ক্ৰিকেট দল। ছ'চিয়েল মিডিয়াতো টি-২০ বিশ্বকাপৰ এই মেচখনক লৈ পোষ্ট কৰা আৰু নিজৰ নিজৰ দেশৰ ক্ৰিকেট দলক সমৰ্থন কৰা পৰিলক্ষিত হৈছে।

দেওবাৰে দুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত এই মেচখন হ'ব। এই মেচখনৰ পূৰ্বে বলিউডৰ অভিনেতা ছলমান খানৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত দেখা গৈছে যে অভিনেতা গৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলক সমৰ্থন কৰা দেখা গৈছে। আৰু এই ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মাত্ৰ ২৯ ছেকেণ্ডৰ এই ভিডিঅ'টোত ছলমান খানৰ লগতে আয়ুষ শৰ্মাকো দেখা গৈছে। ছলমান খানে লগতে সকলোকে এই মেচখন চাবলৈ অনুৰোধ জনাই কয়- যদি মই শ্বুটিঙৰ বাবে ওলাই নাযাও, তেন্তে ঘৰতে বহি আজিৰ এই মেচখন চাম। ছলমান খানৰ এই ভিডিঅ'টো ষ্টাৰ স্পৰ্টছ ইণ্ডিয়াই টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে।