ক্রীড়া-জগত

বেটে-বলে উজলি উঠিছে ৰিয়ান পৰাগ

Asomiya Pratidin

ডিজিটেল ডেস্ক : বি চি চি আইৰ দ্বাৰা আয়োজিত ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ অন্যতম চৈয়দ মুস্তাক আলী প্ৰতিযোগিতা। সম্প্ৰতি দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ মেচসমূহ।

প্ৰতিযোগিতাখনিত বেটে-বলে উজলি উঠিবলৈ সক্ষম হৈছে অসম সন্তান তথা প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। সমালোচনাৰ অগনিৰে সোণ হৈ জিলিকি উঠিছে ৰিয়ান।

শনিবাৰে মুম্বাইৰ এম চি এ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে অসম আৰু ছিকিমৰ খেল। এই খেলখনত অসমে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মেচখনত অসমৰ হৈ ডেনিছ,ঋষভ আৰু ৰিয়ানে মাৰমুখী ইনিংছ খেলে।

ইয়াৰ সুবাদত অসমে ৫টা উইকেট হেৰুৱাই ২১৭ ৰাণ সংগ্ৰহ কৰে। মেচখনত ৰিয়ান ৫৩ আৰু ডেনিছে ৬৩ ৰাণৰে অৰ্ধশতক অৰ্জন কৰে।

উল্লেখযোগ্য যে চলিত প্ৰতিযোগিতাখনিত ৰিয়ান পৰাগে ৪খন মেচত ৪৫,৬১,৭৬ আৰু ৫৩ ৰাণ সংগ্ৰহ কৰিছে। সমান্তৰালকৈ ৰিয়ানে উইকেট দখল কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি তেওঁ ৪খন মেচত ৬টা উইকেট লাভ কৰিছে।